বিধ্বংসী ৰূপ ছানশ্বান ঘূৰ্ণীবতাহৰ, ৫ জন নিহত, ১০০ জনতকৈ অধিক আহত, ঘণ্টাত ২৫২ কিলোমিটাৰ বেগত বলিছে বতাহ
জাপানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ছানশ্বান ঘূৰ্ণীবতাহে। বৃহস্পতিবাৰৰ পৰা দক্ষিণ-পশ্চিম জাপানত প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণৰ ফলত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে, বিমান যাতায়ত বন্ধ হোৱাৰ লগতে বৃহৎ কাৰখানাসমূহো বন্ধ কৰিবলগীয়া হৈছে। আনহাতে সেই স্থানৰ পৰা লাখ লাখ লোকক ঘৰ-দুৱাৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা।
কৰ্তৃপক্ষই সকীয়াই দিয়া এই অঞ্চলটোত এতিয়ালৈকে হোৱা আটাইতকৈ শক্তিশালী ধুমুহাসমূহৰ ভিতৰত অন্যতম হোৱাৰ আশংকা প্ৰকাশ কৰিছে। এই ধুমুহাত বৰ্তমানলৈকে কমেও ৫জন লোকৰ মৃত্যু হৈছে আৰু ১০০ৰো অধিক লোক আহত হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ মতে, প্ৰশাসনে ৰাইজক উচ্চ স্থানলৈ যাবলৈ আহ্বান জনাইছে। বৰ্তমানে ভূমিস্খলন আৰু বানপানীৰ আশংকা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে জাপানৰ দক্ষিণৰ মূল দ্বীপ কিউছুত প্ৰতি ঘণ্টাত ২৫২ কিলোমিটাৰ (১৫৭ মাইল প্ৰতি ঘণ্টা) বেগেৰে বতাহ বলিছে। এই বছৰৰ আটাইতকৈ শক্তিশালী ধুমুহা হৈছে এই ছানশ্বান ঘূৰ্ণীবতাহ। ইয়াৰ লগে লগে ই ১৯৬০ চনৰ পৰা জাপানত আঘাত কৰা অন্যতম শক্তিশালী ঘূৰ্ণীবতাহ হৈ পৰিছে।
জাপানৰ স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাৰ ভিতৰত ধুমুহা কমি যায়। এই সময়ছোৱাত প্ৰতি ঘণ্টাত ১৬২ কিলোমিটাৰ বেগত বতাহ বলিছিল। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, এই ছানশ্বান ঘূৰ্ণীবতাহৰ ফলত সমগ্ৰ কিউছুত প্ৰচণ্ড বৰষুণ হয় আৰু পিছত ছানশ্বান ঘূৰ্ণীবতাহ হনছু দ্বীপৰ দিশে গতি কৰে।
দেশ খনৰ প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশিত তথ্য অনুসৰি এই ঘূৰ্ণীবতাহৰ ফলত বৰ্তমানলৈ ৫জন লোকৰ মৃত্যু হৈছে। টকুছিমা নামৰ ঠাইত দুমহলীয়া অট্টালিকা ভাঙি পৰাৰ খবৰ পোৱা গৈছে। জাপানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ বাবে দুৰ্যোগৰ সম্ভাৱনা বৃদ্ধি পাইছে।
বিভিন্ন প্ৰান্তৰ বাবে প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে। ৫০ লাখ লোকক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। জাপানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি কিউছুত ৮০ জনতকৈ অধিক লোক আহত হৈছে।
স্থানীয় বাতৰি অনুসৰি মিয়াজাকিত ২০০ৰো অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে, আৰু ২৫জনতকৈ অধিক লোক আহত হৈছে। টৰ্নেডোত একাংশ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ