বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC)এ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে৷ UGCএ প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে সমান্তৰালভাৱে দুটাকৈ ডিগ্ৰীৰ লাভ কৰিব পাৰিব৷
মংগলবাৰে UGCএ এই কথা ঘোষণা কৰি কয় যে এতিয়াৰে পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে সমান্তৰালভাৱে উচ্চ শিক্ষাৰ দুটাকৈ ডিগ্ৰী গ্ৰহণৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব৷
ইতিমধ্যে UGCএ এই সংক্ৰান্তীয় নতুন গাইডলাইন প্ৰস্তুত কৰিছে আৰু UGCএ ১৩ এপ্ৰিলত এই নতুন গাইডলাইন নিজা ৱেবচাইটত আপলোড কৰিব৷
লগতে পঢ়ক অভিনেত্ৰী সোণম কাপুৰৰ দিল্লীৰ বাসগৃহৰ পৰা কোনে চুৰি কৰিলে ২.৪ কোটিসহ গহনা?
উল্লেখ্য যে ইয়াৰ পূৰ্বে UGCএ দেশত উচ্চ শিক্ষাৰ দুটাকৈ সমান্তৰাল একাডেমিক ডিগ্ৰী লোৱাৰ ক্ষেত্ৰত অনুমোদন দিয়া নাছিল৷
UGCৰ নতুন গাইডলাইনৰ মতে সমগ্ৰ দেশজুৰি এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে দুটা ডিপ্লমা আৰু প্ৰাক স্নাতক পাঠ্যক্ৰম, দুটাকৈ স্নাতক পাঠ্যক্ৰম আৰু দুটাকৈ স্নাতকোত্তৰ পাঠ্যক্ৰম সমান্তৰালভাৱে গ্ৰহণ কৰিব পাৰিব৷
লগতে পঢ়ক ৯০ গৰাকী স্পাইজেট পাইলটৰ বিমান উৰণত নিষেধাজ্ঞা DGCAৰ : কিন্তু কিয়?
UGCএ প্ৰকাশ কৰা মতে দুয়োটা পাঠ্যক্ৰমৰ সূচীৰ মাজত সময় সূচীৰ কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে৷
যোৱা ৩১ মাৰ্চত অনুষ্ঠিত অন্তিম বৈঠকত নতুন শিক্ষা নীতি ২০২০ৰ ওপৰত আলোচনা কৰা হৈছিল৷ উক্ত আলোচনাতে UGCৰ নতুন গাইডলাইন সম্পৰ্কেয সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি প্ৰতাশ কৰিছে UGCৰ অধ্যক্ষ মামিদালা জগদেশ কুমাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ