বুধবাৰে বলিউদৰ অভিনেত্ৰী সোণম কাপুৰ দিল্লী বাসগৃহৰ চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী নাৰ্ছ আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ হোৱা নাৰ্ছগৰাকীৰ নাম অপৰ্ণা ৰুথ উইলছন আৰু তেওঁ সোণম কাপুৰৰ দিল্লী বাসগৃহত শাহুৱেকক আলপৈচান ধৰিবলৈ কৰ্মৰত আছিল৷ আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰ্ছগৰাকীৰ স্বামীৰ নাম হৈছে নৰেশ কুমাৰ সাগৰ আৰু তেওঁ শ্বাকৰপুৰ এলেকাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ একাউণ্টেণ্ট৷
লগতে পঢ়ক ইজনৰ পিছত সিজন কিশোৰক ধৰ্ষণ প্ৰেমিকাৰ! মডেল প্ৰেমিকাক হত্যা প্ৰেমিকৰ
উল্লেখ্য যে যোৱা ১১ ফেব্ৰুৱাৰিত বলিউদৰ অভিনেত্ৰী সোণম কাপুৰৰ দিল্লীৰ বাসগৃহৰ পৰা নগদ ধনসহ ২.৪ কোটি টকাৰ মূল্যৰ গহনা চুৰি হৈছিল৷ ইয়াৰ পিছতে সোণম কাপুৰে স্বামী আনন্দ আহুজাৰ সৈতে টোলবাগ ৰোড আৰক্ষী থানাত তেওঁলোকৰ বাসগৃহত কৰ্মৰত ২০ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি সোণম কাপুৰৰ দিল্লীৰ বাসগৃহত কৰ্মৰত নাৰ্ছগৰাকীৰ সৈতে তেওঁৰ স্বামীক চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷
লগতে পঢ়ক কোন কোন বলিউদৰ অভিনেত্ৰী ইমৰাণ খানৰ ইনছুইং, ইয়ৰ্কাৰত ক্লীণ ব’ল্ড হৈছিল?
ঘটনাৰ সন্দৰ্ভত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিলেও এতিয়ালৈকে চুৰি হোৱা ধন আৰু গহনাসমূহ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ