ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন, প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ঋষি ছুনক পৰাস্ত
ইতিহাস ৰচি ভাৰতীয় মূলৰ ঋষি ছুনকে প্ৰথমবাৰৰবাবে এগৰাকী ভাৰতীয় হিচাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল। পাছে সেই আসন এতিয়া ঋষি ছুনকৰ হাতৰ পৰা গুচি যাব। এইবাৰ নতুন প্ৰধানমন্ত্ৰী হবলৈ গৈ আছে কেইৰ ষ্টাৰমাৰ। ভাৰতীয় মূলৰ পাছত এইবাৰ ব্ৰিটেইনৰে লোক হ’ব প্ৰধানমন্ত্ৰী।
ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল প্ৰায় স্পষ্ট। ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে লেবাৰ পাৰ্টিৰ কেইৰ ষ্টাৰমাৰ। ষ্টাৰমাৰ ছুনকৰ কনজাৰ্ভেটিভ পাৰ্টিতকৈ বহু আগবাঢ়ি আছে আৰু জয়ৰ বাবে সংখ্যাগৰিষ্ঠতাৰ সীমাৰ বহু ওপৰলৈ গৈছে।
মতামত আৰু এগজিট প’ল দুয়োটাতে লেবাৰ পাৰ্টিয়ে ঐতিহাসিক জয় কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল, যিটো এতিয়া শুদ্ধ বুলি প্ৰমাণিত হৈছে। ইয়াৰ লগে লগে ঋষি সুনকৰ কনজাৰ্ভেটিভ পাৰ্টিৰ ১৪ বছৰীয়া শাসনৰ অন্ত পৰিল।
১৯৬২ চনৰ ২ ছেপ্টেম্বৰত ব্ৰিটেইনত জন্মগ্ৰহণ কৰা ষ্টাৰমাৰ পেছাত এজন উকীল। লেবাৰ পাৰ্টিৰ মতে, তেওঁৰ সমগ্ৰ পেছাদাৰী জীৱন আৰ্তজনক ন্যায় প্ৰদানৰ ওপৰত নিৰ্ভৰশীল। ২০২০ চনৰ পৰা ব্ৰিটিছ সংসদত বিৰোধী আৰু লেবাৰ পাৰ্টিৰ নেতা। ২০১৫ চনৰ পৰা ২০২৪ চনলৈকে হোলবৰ্ণ আৰু ছেইণ্ট পেনক্ৰাছৰ সাংসদ নিৰ্বাচিত হৈছে। ২০০৮ চনৰ পৰা ২০১৩ চনলৈকে ষ্টাৰমাৰ ৰাজহুৱা অভিযোগৰ সঞ্চালকো আছিল।
অধিবক্তা হোৱাৰ পিছত ষ্টাৰমাৰে দীৰ্ঘদিন ধৰি দুখীয়া লোকক বিনামূলীয়া আইনী পৰামৰ্শ দিছিল আৰু বহু ডাঙৰ ডাঙৰ গোচৰৰ পোষকতা কৰিছিল। মানৱ অধিকাৰৰ সৈতে জড়িত বিষয়ত তেওঁৰ বিশেষজ্ঞতা আছে ষ্টাৰমাৰে উত্তৰ আয়াৰলেণ্ড পুলিচিং ব’ৰ্ডৰ মানৱ অধিকাৰ উপদেষ্টা হিচাপেও কাম কৰি আহিছে। ২০০২ চনত তেওঁক কুইনৰ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়। আইন আৰু অপৰাধমূলক ন্যায়ৰ সেৱাৰ বাবে ২০১৪ চনত ষ্টাৰমাৰক অৰ্ডাৰ অৱ দ্য বাথৰ নাইট কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।
সেই ষ্টাৰমাৰৰ জনপ্ৰিয়তাৰ আগত পৰাস্ত হৈ গ’ল ঋষি ছুনক। ছুনকে পৰাস্ত কৰি দলৰ পৰাজয়ৰ দায়িত্ব নিজে মূৰ পাতি লয়। ইয়াৰ বাহিৰেও অন্য বহু লোকে এই ক্ষেত্ৰত কয় যে, ঋষি ছুনক ভাল আছিল যদিও ৰাজনীতি হিচাপে তেঁওৰ দখল পূৰ্বৰ নেতাসকলৰ তুলনাত বহুলাংশে কম আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ