চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন পেঞ্চন প্লেন আনিছে মোদী কেবিনেটে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা দেশত কাৰ্যকৰী হ’ব ইউনিফাইড পেঞ্চন প্লেন বা চমুকৈ UPS। যদি কোনো কৰ্মচাৰীয়ে ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে অৱসৰ লয় তেন্তে তেওঁ নতুন পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব নে? UPSৰ অধীনত কি কি সুবিধা লাভ কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে? জানক সবিশেষ
২৫ চনৰ ৩১ মাৰ্চত অৱসৰ লোৱাসকলেও লাভ কৰিব সুবিধা
নতুন পেঞ্চন আঁচনি UPS, ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব৷ কিন্তু এই প্লেনৰ সুবিধাসমূহ তাৰ পূৰ্বে অৱসৰ লোৱা কৰ্মচাৰীসকলৰ বাবেও উপলব্ধ হ’ব। এই সন্দৰ্ভত শনিবাৰে বিত্ত সচিব ড০ টিভি সোমনাথনে সংবাদমেলত কয় যে, ২০০৪ চনৰ পৰা এতিয়ালৈকে আৰু ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অৱসৰ লোৱা কৰ্মচাৰীসকলেও UPSৰ সুবিধা লাভ কৰিব৷ ৰিটায়াৰ্ড কৰ্মচাৰীসকলে পাব বকেয়া ধন৷ ইতিমধ্যে তেওঁলোকে লাভ কৰা ধনৰাশি সালসলনি কৰি তেওঁলোকে আৰু বকেয়া ধন লাভ কৰিব।
চৰকাৰৰ ওপৰত অতিৰিক্ত বোজা পৰিব
বিত্ত সচিবে লগতে কয় যে, নতুন পেঞ্চন আঁচনিখন সম্পূৰ্ণ পুঁজিৰে চলি আছে। পেঞ্চনত কেন্দ্ৰৰ বৰঙণি বৃদ্ধিৰ ফলত চৰকাৰৰ ওপৰত ৬২৫০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব। লগতে ৮০০ কোটি টকা বকেয়াৰ বাবে ৰখা হৈছে। বিত্ত সচিবগৰাকীয়ে কয় যে, ২০০৪ চনৰ পৰা ২০ বছৰ পাৰ হৈ গ’ল৷ NPS ৰ অধীনত অৱসৰ লোৱা কৰ্মচাৰীৰ সংখ্যা কম। কৰ্মচাৰীসকলে কেতিয়া চাকৰি আৰম্ভ কৰিছিল আৰু কেতিয়া অৱসৰ লৈছিল তাৰ সকলো ৰেকৰ্ড চৰকাৰৰ হাতত আছে। যদি কোনো কৰ্মচাৰীয়ে UPS বাছি লয় তেন্তে তেওঁৰ ধনৰ হিচাপ অনুসৰি সুত যোগ কৰাৰ পিছত ৰৈ যোৱা বকেয়া ধনৰ পৰিমাণ দিয়া হ’ব৷
ইউ পি এছৰ কি লাভ হ’ব জানি লওক
- ২০০৪ চনৰ পৰা ২০২৫ চনৰ মাৰ্চলৈ অৱসৰ লোৱা কৰ্মচাৰীসকলে এই পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব।
- নতুন পেঞ্চন আঁচনিৰ অধীনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সুতৰ লগতে বকেয়া লাভ কৰিব।
- ১০ বছৰ চাকৰি কৰি যদি কোনোৱে চাকৰি এৰে তেন্তে তেওঁ নূন্যতম ১০০০০০ টকা পেঞ্চন পাব।
- কোনো পেঞ্চনাৰৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ ৬০ শতাংশ ধন লাভ কৰিব।
- যদি কোনো কৰ্মচাৰীয়ে ২৫ বছৰ কাম কৰিছে তেন্তে তেওঁ বেচিক পে’ৰ ৫০ শতাংশ পেঞ্চন হিচাপে পাব।
- চৰকাৰী কৰ্মচাৰীৰ হাতত NPS বা UPS বাছি লোৱাৰ বিকল্প থাকিব।
- কৰ্মচাৰীয়ে পৃথক বৰঙণি দিব নালাগে। মোদী চৰকাৰে ১৮ শতাংশ আৰু কৰ্মচাৰীৰ অৱদান NPSৰ পৰা ১০ শতাংশ যোগ হ’ব।
- নতুন পেঞ্চন আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব মুদ্ৰাস্ফীতি সূচকাংকৰ সুবিধা।
- অৱসৰৰ সময়ত গ্ৰেচুইটিৰ সৈতে জমা কৰা ধনৰ বাহিৰে প্ৰতি ছমাহৰ সেৱাৰ বাবে মাহিলী দৰমহাৰ দশম (দৰমহা আৰু ডি এ) দিয়া হ’ব।
- ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব UPS।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ