অসম লাইভ২৪ঃ ১ ফেব্ৰুৱাৰীত সংসদত অন্তবৰ্তীকালীন বাজেট উত্থাপন কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। বাজেট দাখিলৰ সময়তেই নিৰ্মলা সীতাৰমণে তুলি ধৰিলে বিগত ১০বছৰত দেশত হোৱা উন্নতিৰ খতিয়ান। সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূৰ্যোদয় যোজনৰ ঘোষণা কৰিছে। নিৰ্মলা সীতাৰমণৰ বাজেটত এইবাৰ বিশেষভাৱে স্থান লাভ কৰিছে বিদ্যুতেও। সকলোৰে ছাদে ছাদে ছলাৰ চিষ্টেম লগাই দিয়াৰ ওপৰিও এককোটি পৰিয়ালক প্ৰতি মাহে ৩০০ ইউনিট বিদ্যুত বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
বিশেষকৈ ছলাৰ ৰুফটফ স্কিমে একোটা পৰিয়ালৰ ১৫০০০-১৮০০০টকা ৰাহি কৰিব বুলিও দাবী কৰিছে নিৰ্মলা সীতাৰমণে। ইয়াৰ পূৰ্বে ২২ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১কোটি লোকৰ ঘৰৰ ছাদত সৌৰ পেনেল বহুৱাই দিব বুলি ঘোষণা কৰিছিল। বাজেটত প্রধানমন্ত্ৰীৰ এই ঘোষণাতেই ছিলমোহৰ মৰা হ’ল। প্রধানমন্ত্ৰীয়ে বৈঠকত জনাইছে যে, সৌৰশক্তি প্ৰতিখন ঘৰৰ ছাদত লাগিলে বিদ্যুতৰ বিল কমিব।
প্রধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ লক্ষ্য হৈছে ছাদত ছলাৰ বহুৱাই নিম্ন আয়ৰ ব্যক্তিসকলৰ ঘৰলৈ বিদ্যুৎ সৰবৰাহ কৰা। ইয়াৰ সৈতে অতিৰিক্ত বিদ্যুৎ উৎপাদনৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ প্ৰদান কৰা। সাধাৰণ মানুহক সৌৰশক্তি গ্ৰহণেৰে উৎসাহিত কৰিবলৈ কেন্দ্ৰৰ মাধ্যমেৰে প্ৰচাৰ চলোৱাৰো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। এই বছৰৰ বাজেট প্ৰকৃততে অন্তবৰ্তীকালীন বাজেট। এই বাজেটৰ উদ্দেশ্য হৈছে নতুন চৰকাৰ গঠন হোৱা পৰ্যন্ত যাতে চৰকাৰী কামৰ খৰচত বাধা নাহে সেই অনুসৰি ধন খৰচ কৰা। এই বৰ্ষৰ পূৰ্ণাংগ বাজেট জুলাই-আগষ্টত দাঙি ধৰিব বুলিও একাংশ অৰ্থনীতিবিদে উল্লেখ কৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ