অসম লাইভ২৪ঃ আজিৰে পৰা আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। এই বছৰৰ দ্বিতীয় মাহৰ প্ৰথম ১৫ দিন জ্যোতিষ গণনা অনুসৰি বিশেষ উল্লেখযোগ্য হ’ব। কাৰণ এই ১৫ দিনৰ ভিতৰত একাধিক গ্ৰহই অৱস্থান সলনি কৰিব। ইয়াৰোপৰি ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনত কেইবাটাও শুভ যোগ গঠিত হ’ব। মাহৰ আৰম্ভণিতেই অৰ্থাৎ ১ ফেব্ৰুৱাৰীতেই মকৰ ৰাশিত গোচৰ কৰিছে বুধে। নিজৰ নক্ষত্ৰ পৰিবৰ্তন কৰি উত্তৰাষাড়াত প্ৰৱেশ কৰিছে মঙ্গলে। ইয়াৰপাছতেই ১১ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত অস্ত যাব শনি। ইয়াৰ পাছতেই ১২ ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ প্ৰৱেশ কৰিব শুক্ৰই। তাৰ ঠিক পাছতেই অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত প্ৰৱেশ কৰি সূৰ্যই। অৰ্থাৎ দেখা গৈছে যে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত বেছিভাগ গোচৰেই সম্পূৰ্ণ হ’ব। ইয়াৰ ফলত এই মাহৰ প্ৰথম দুসপ্তাহ কোন কোন ৰাশিৰ জাতকৰ দিন কেনে যাব?
মেষ আৰু বৃষ ৰাশি
চৰকাৰী প্ৰকল্পৰ পৰা মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত লাভৱান হ’ব মেষ ৰাশিৰ জাতক। এই সময়ত আপোনাৰ বুদ্ধিৰ বিকাশ ঘটিব। ভাগ্য আপোনাৰ প্ৰতি সুপ্ৰসন্ন হ’ব। অৱশ্যে হঠাৎ খৰচ বাঢ়ি যাব পাৰে।
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। হঠাৎ অৰ্থলাভ হ’ব পাৰে। কোনো কামৰ বাবে কাৰোবাৰ সৈতে মনোমালিন্য হ’ব পাৰে।
মিথুন আৰু কৰ্কট
এই মাহৰ প্ৰথম ১৫ দিনত খং বাঢ়িব মিথুন ৰাশিৰ জাতকৰ। উপাৰ্জন বৃদ্ধি পাব। সন্তানৰ দিশৰ পৰা কোনো ভাল খবৰ পাব পাৰে। বুকুত সংক্ৰমণৰ আশংকা। কৰ্কট ৰাশিৰ জাতকে মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত গাড়ী ক্ৰয় কৰিব পাৰে। প্ৰতিযোগিতাত সফলতা আহিব। ত্বকত এলাৰ্জিৰ সমস্যা হ’ব পাৰে।
সিংহ আৰু কন্যা ৰাশি
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত পেট আৰু ভৰিৰ বিষ হ’ব পাৰে। মনত ভয় বৃদ্ধি পাব। উপাৰ্জন বাঢ়িব। শত্ৰুক পৰাস্ত কৰিব পাৰিব। মাহৰ প্ৰথম ১৫ দিনত অৰ্থ সংক্ৰান্তিয় সাফল্য লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে। মনত চিন্তা বাঢ়িব। প্ৰতিযোগীতাত জয়ী হ’ব।
তুলা আৰু বৃশ্চিক ৰাশি
মাহৰ প্রথম ১৫ দিনৰ মাজত নিজৰ বুদ্ধিৰ পৰিচয় দিব পাৰে তুলা ৰাশিৰ জাতকে। নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব। দাম্পত্য জীৱনত সুখ বাঢ়িব। বৃশ্চিক ৰাশিৰ জাতকৰ ফেব্ৰুৱাৰীৰ প্ৰথম ১৫ দিনৰ ভিৰতৰ নিজৰ সাহসৰ পৰিচয় দিব। শিক্ষাগত ক্ষেত্ৰত বাধাৰ মুখত পৰিব পাৰিব।
ধনু আৰু মকৰ ৰাশি
ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫দিনৰ ভিতৰত আৰ্থিক লাভৰ যোগ আছে ধনু ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ শিল্প প্ৰতিভা বিকশিত হ’ব? সৌভাগ্য লাভৰ পথত বাধা আছে। পাৰিবাৰিক নানান কামত মাহৰ প্ৰথম ১৫দিনত ব্যস্ততা বাঢ়িব মকৰ ৰাশিৰ জাতকে। প্ৰেমৰ সম্পৰ্কত সমস্যাই দেখা দিব। মানসিক সুখ নাথাকিব।
কুম্ভ আৰু মীন ৰাশি
মাহৰ প্রথম ১৫ দিনৰ ভিতৰত নীতি আৰু আদৰ্শবোধ বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ। আপোনাৰ কথাত এই সময়ত সকলো মুগ্ধ হ’ব। আৰ্থিকভাৱে লাভৱান হ’ব। কুম্ভ ৰাশিৰ জাতকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ১৫ দিনৰ ভিতৰত অতিৰিক্ত খঙাল হৈ পৰিব। ঘৰত অশান্তিৰ পৰিবেশে দেখা দিব পাৰে। দূৰ ভ্ৰমণৰো যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ