কেন্দ্ৰীয় কেবিনেটে নতুন শিক্ষা নীতিক মঞ্জুৰ কৰিছে৷ ৩৬ বছৰৰ পিছত দেশত নতুন শিক্ষা নীতি কাৰ্যকৰী কৰা হৈছে৷ এই নতুন শিক্ষা নীতিয়ে পূৰ্বৰ শিক্ষা ব্যৱস্থাক আমূল পৰিৱৰ্তন সাধিলে৷ নতুন শিক্ষা নীতিয়ে একপ্ৰকাৰে পূৰ্বৰ শিক্ষা নীতি তথা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিলে বুলিবই পাৰি৷
এতিয়াৰ পৰা শিক্ষানুষ্ঠানৰ শ্ৰেণী বিন্যাসসমূহ এনেধৰণৰ হ’ব৷ বয়স ৪ বছৰ পৰা নাৰ্ছাৰী, জুনিয়ৰ কেজি ৫ বছৰৰ পৰা, ৬ বছৰ ছিনিয়ৰ কেজি, ৭ বছৰৰ পৰা প্ৰথম শ্ৰেণী, ৮ বছৰৰ পৰা দ্বিতীয় শ্ৰেণী, ৯ বছৰৰ পৰা তৃতীয় শ্ৰেণী, ১০ বছৰৰ পৰা চতুৰ্থ শ্ৰেণী, ১১ বছৰ পৰা পঞ্চম শ্ৰেণী, ১২ বছৰৰ পৰা ষষ্ঠ শ্ৰেণী, ১৩ বছৰৰ পৰা সপ্তম শ্ৰেণী, ১৪ বছৰৰ পৰা অষ্টম শ্ৰেণী, ১৫ বছৰৰ পৰা নৱম শ্ৰেণী, ১৫ বছৰ পৰা দশম শ্ৰেণী, ১৬ বছৰৰ পৰা একাদশ শ্ৰেণী আৰু ১৮ বছৰ পৰা দ্বাদশ শ্ৰেণী৷
আনহাতে, দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা বিলোপ কৰা হৈছে৷ এতিয়াৰ পৰা কেৱল দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাহে থাকিব৷
লগতে পঢ়ক ৯০ লাখ লোকক গৃহবন্দী কৰিলে চীন চৰকাৰে, কিন্তু কিয়?
৫ম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষাত (স্থানীয় আৰু ৰাষ্ট্ৰীয় ভাষাত পঢ়ুৱাব লাগিব) শিক্ষা গ্ৰহণ কৰিব লাগিব৷ বাকীবোৰ ইংৰাজী ভাষা হোৱাৰ লগতে আন যিকোনো এটা ভাষাৰ বিষয় ল’ব লাগিব।
নৱমৰপৰা দ্বাদশলৈ চেমিষ্টাৰ পদ্ধতি প্ৰৱৰ্তন কৰা হ’ব৷ কলেজৰ ডিগ্ৰী ৪ বছৰীয়া কৰা হৈছে৷ অৱশ্যে উচ্চ শিক্ষা ল’ব নিবিচৰা শিক্ষাৰ্থীসকলে ৩ বছৰতে ডিগ্ৰী লাভ কৰিব৷
লগতে পঢ়ক ‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা
উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া শিক্ষাৰ্থীয়ে ৪ বছৰতহে ডিগ্ৰী লাভ কৰিব৷ আৰু তাৰে এবছৰ তেওঁলোকে M.A কৰিব পাৰিব। M.A. ছাত্ৰই এতিয়া পোনপটীয়াকৈ PhD কৰিব পাৰিব। উচ্চ শিক্ষাৰ M.Phil পাঠ্যক্ৰম বন্ধ কৰা হৈছে৷
উচ্চ শিক্ষাতো বিশেষ পৰিবৰ্তন কৰা হৈছে গ্ৰেড একাডেমীক ফাইনেন্সছিয়েল অট’নমি ইত্যাদি বিষয়ৰ লগতে ক্ষেত্ৰীয় ভাষাৰ বিকশিত কৰিবৰ বাবে NETF গঠন কৰা হ’ব। ই দেশৰ মুঠ ৪৫ হাজাৰ কলেজক সাঙুৰি ল’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ