ভয়ংকৰ, দুটুকুৰা হৈ পৰিল বাছ, ১৮গৰাকী নিহত, ৩০ আহত, নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা
পুৱাই আহিল এক অতিকে ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ, দুৰ্ঘটনাটো ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ১৮ গৰাকীকৈ লোকে। এখন গাখীৰ কঢ়িয়াই নিয়া টেংকাৰক যাত্ৰীবাহী বাছ এখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত দুটুকুৰা হৈ পৰে বাছখন।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত হৈছে বিহাৰৰ পৰা দিল্লী গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশৰ উন্নাওৰ আগ্ৰা-লক্ষ্নৌ হাইৱেত। পুৱা প্ৰায় ৫.১৫ মান বজাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত ১৮ গৰাকী যাত্ৰীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ বিপৰীতে আন ৩০ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত সকলক ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
https://x.com/ANI/status/1810861386928464013
নিহত সকলৰ ভিতৰত আছে- ১৪ গৰাকী পুৰুষ, ২ গৰাকী মহিলা আৰু ২ টি শিশু। ঘটনাৰ বিষয়ে জানিব পৰা লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে আহত সলককো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, বাছ খনে ঠিক মতেই গৈ আছিল। গাখীৰ কঢ়িওৱা টেংকাৰখনেহে অভাৰটেক কৰিবলৈ গৈছিল। যাৰ বাবে নিয়ন্ত্ৰণ হেৰুাৱই পেলাই বাছখনে আৰু টেংকাৰ খনতেই প্ৰচণ্ড জোৰে খুন্দা মাৰি দুটুকুৰা হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















