Google Pay, PhonePe, Paytmৰ দৰে UPIৰ দৰে এপ ব্যৱহাৰ কৰে তেন্তে সাবধান৷ একাউণ্টৰ সৈতে কানেক্টেড যিসমূহ মোবাইল নম্বৰ দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয়, সেইসমূহ একাউণ্ট বন্ধ কৰি দিব বেংকে৷ ১ এপ্ৰিলৰ পৰা লাঘু হব এই নিয়ম৷ গ্ৰাহকে যদি দীৰ্ঘদিন ধৰি কোনো মোবাইল নম্বৰ ব্যৱহাৰ নকৰে তেন্তে বেংকে সেই নম্বৰৰ সৈতে সংযুক্ত ইউ পি আই একাউণ্ট বন্ধ কৰি দিব পাৰে৷ সেই একাউণ্ট চলাই থাকিবলৈ হলে আপুনি দ্ৰুততৰভাৱে আপোনাৰ নম্বৰ আপডেট কৰিব লাগিব৷
বেংক আৰু ইউ পি আই এপসমূহক ৩১ মাৰ্চৰ ভিতৰত নিষ্ক্ৰিয় মোবাইল নম্বৰ চিষ্টেমৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ দিছে৷ নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেছন অফ ইণ্ডিয়াই৷ ইয়াৰ কাৰণ মূলত ২ টা৷ নিষ্ক্ৰিয় বা পুনৰ্ব্যৱহৃত মোবাইল নম্বৰৰ কাৰণে লেনদেনত বহু সময়ত সমস্যা হয়৷ বহু সময়ত পুৰণি নম্বৰ নতুন গ্ৰাহকৰ হাতলৈ গুচি যোৱাৰ বাবে ভুল লেনদেন হয়৷ ইয়াৰ বাবেই বেংক আৰু ইউ পি আই পৰিসেৱা প্ৰদানকাৰী সংস্থাসমূহক পুৰণি, নিষ্ক্ৰিয় নম্বৰসমূহ আঁতৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে৷
যদি কোনো মোবাইল নম্বৰত ৯০ দিন ধৰি ভয়েছ কল, এছ এম এছ বা ডাটা ব্যৱহাৰ নকৰে তেন্তে সেয়া নিষ্ক্ৰিয় হৈ পৰিব৷ তেতিয়া সেই নম্বৰ নতুন ব্যৱহাৰকাৰীক দি দিয়া হয়৷ এতিয়া যদি এই নম্বৰ কোনো গ্ৰাহকৰ বেংক বা অন্যান্য আৰ্থিক পৰিসেৱাৰ সৈতে যুক্ত থাকে তেন্তে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ পুৰণি মোবাইল নম্বৰ নিষ্ক্ৰিয় হৈ গলে দ্ৰুতভাৱে বেংকত গৈ নতুন নম্বৰ আপডেট কৰিব লাগিব৷ যাতে লেনদেন বা অন্যান্য পৰিসেৱাত কোনো সমস্যা নাহে৷
যিকোনো ইউ পি আই লেনদেনৰ বাবে মোবাইল নম্বৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ গ্ৰাহকৰ মোবাইল নম্বৰৰ কোনো সমস্যা থাকিলে লেনদেন নহব পাৰে৷ বহু গ্ৰাহকে তেওঁলোকৰ বেংক একাউণ্ট বা ইউপিআই এপত একাধিক নম্বৰ যুক্ত কৰক৷ যদি এই নম্বৰসমূহৰ আটাইবোৰেই দীৰ্ঘ সময় নিষ্ক্ৰিয় থাকে তেন্তে তাক চিষ্টেমৰ পৰা মছি পেলোৱা হব বুলিও জনাইছে নেশ্ব্যনেল পেমেণ্টছ কৰ্পৰেছন অফ ইণ্ডিয়াই৷
লেনদেন সংক্ৰান্তিয় সমস্যা দূৰ কৰিবলৈ এন পি চি আই বেংক আৰু ইউপিআই এপসমূহৰ বাবে কিছু নিয়ম বাধ্যতামূলক কৰিছে৷ প্ৰতি সপ্তাহত মুছি পেলোৱা নম্বৰসমূহৰ তালিকা আপডেট কৰিব লাগিব৷ ১ এপ্ৰিলৰ পৰা কোনো নিষ্ক্ৰিয় বা পুনৰ্ব্যৱহৃত নম্বৰ বেংকৰ চিষ্টেমৰ পৰা একেবাৰেই মছি দিয়া হব৷ যদি গ্ৰাহকে নিজৰ বেংক একাউণ্ট বা ইউপি আই আই ডি সক্ৰিয় ৰাখিব খোজে তেন্তে দ্ৰুতভাৱে নম্বৰ আপডেট বা মোবাইল ৰিচাৰ্জ কৰিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ