মাথো ৬০০ টকাৰ বাবে মাতৃৰ সমুখতে পিতৃয়ে গাভৰু কন্যাৰ সৈতে কৰিলে এনে কাম এতিয়া কাৰাগাৰত
কন্যাৰ প্ৰতি মৰম এগৰাকী পিতৃৰ অধিক বুলি কোৱা হয়। মাতৃতকৈয়ো পিতৃৰ সৈতে কন্যাৰ মৰম অধিক। কিন্তু তাৰ মাজতে আহিছে এক এনে ঘটনা যি ঘটনাই মৰ্মাহত কৰি তুলিছে । মাথো ৬০০ টকাৰ বাবে এগৰাকী পিতৃৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী ২৪ বৰ্ষীয় কন্যাই।
২৪ বছৰ ধৰি ডাঙৰ-দীঘল কৰা মৰমৰ কন্যাক হত্যা পিতৃৰ। ডিঙি ৰেপি প্ৰাণে মাৰি পেলাই কন্যাক। কন্যা হত্যা কৰাৰ সময়ত পিতৃৰ অকনো হাত কঁপি নুঠে। মাতৃৰ চকুৰ সমুখতে শুই থকা অৱস্থাত ডিঙি ৰেপি হত্যা কৰে পিতৃয়ে।
উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছে এই ঘটনা। ওচৰ-চুবুৰীয়াই এই বিষয়ে আৰক্ষীক অৱগত কৰাতহে পোহৰলৈ আহে সমষ্ট ঘটনা। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমানে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰাৰ লগতে মাতৃকো গ্ৰেপ্তাৰ কৰা হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শ্বাহজাহানপুৰ জিলাৰ কোতৱালিত থকা পুৰ্তী গুপ্তা (২৪)ৰ মৃতদেহ উদ্ধাৰ হয়। হত্যাকাণ্ডৰ গোচৰত মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে প্ৰথমতে ভাষ্য দিছিল কোনো অজ্ঞাত ব্যক্তিয়ে তেওঁলোকৰ কন্যাক হত্যা কৰিছে। কিন্ত পিছত তদন্তৰ অন্তত ওলাই পৰে সকলো। নিজৰ পিতৃয়েই মাত্ৰ ৬০০ টকাৰ বাবে হত্যা কৰে কন্যাৰ।
কিছু দিন পূৰ্বে কন্যাক ৬০০ টকা দিছিল পিতৃয়ে নিজেই। পাছত সেই টকা উভতাই বিচাৰে। পাছে কন্যাই আৰু সেই টকা ঘুৰাই দিবলৈ অপৰাগ হয়। সেই ক্ষোভতেই পিতৃয়ে নিশা কন্যা শুই থকা অৱস্থাত প্ৰাণে মাৰি পেলায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















