অসম লাইভ ২৪ঃ সুৰাৰ দোকানত বিশেষ পোষ্টাৰ। ভেকচিনেচনৰ চাৰ্টিফিকেট নহ’লে নিদিয়ে সুৰা। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই আজৱ কাণ্ড। উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত সুৰাৰ দোকানসমূহত লগোৱা হৈছে এই পোষ্টাৰ। চেফাইত কর্মৰত এছডিএম হেম কুমাৰ সিঙৰ নিৰ্দেশমৰ্মে কৰা হৈছে এই ব্যৱস্থা। ৰাজ্যখনত ভেকচিনেচনৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা। এছডিএমে ভেকচিন লোৱাৰ চার্টফিকেট নেদেখুৱালে সুৰা বিক্ৰী নকৰিবলৈ সুৰাৰ দোকানীসকলক কঠোৰ নির্দেশ দিছে। উল্লেখ্য, ৰাজ্যখনত ভেকচিনৰ হাৰ বঢ়াবৰ বাবে বিষয়াসকলে নানা ধৰণৰ উপায় অৱলম্বন কৰিছে৷ ইপিনে আৱকাৰী বিষয়াৰ ভাষ্য অনুসৰি, সুৰা ক্ৰয়ৰ বাবে গ্ৰাহকে ভেকচিন লোৱাটো বাধ্যতামূলক বুলি কোনো আনুষ্ঠানিক নিৰ্দেশ নাই৷ চেফাইৰ এছডিএমে যদি এনেকুৱা নতুন নিয়ম কৰিছে, তেনেহ’লে সেয়া নিজৰ বিবেচনাৰ ভিত্তিত কৰিছে৷ ভেকচিনেচনৰ বাবে উৎসাহিত কৰাটো ভাল কথা, কিন্তু সুৰা কিনিবলৈ ভেকচিনেচনৰ চাৰ্টিফিকেট দেখুওৱাটো বাধ্যতামূলক হোৱাটো অনিবাৰ্য নহয়। এই ব্যৱস্থাই লোকসকলক ভেকচিনেচনৰ বাবে উৎসাহিত কৰিব বুলি আশাবাদী উত্তৰ প্ৰদেশ প্ৰশাসন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ