অসম লাইভ ২৪ঃ ভাৰতত 5g নেটৱৰ্ক প্ৰযুক্তি কাৰ্যকৰীকৰণৰ বিৰোধিতা অভিনেত্ৰী জুহী চাওলাৰ। যি সময়ত সমগ্ৰ দেশত টেলিকম কোম্পানীসমূহে 5g নেটৱৰ্কৰ কাৰ্যকৰীকৰণৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আছে, সেই সময়ত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে। 5g প্ৰযুক্তিৰ বাবে rf ৰেডিয়েচনৰ ফলত মানুহ তথা পশু-পক্ষীৰ ওপৰত ব্যাপক মাৰাত্মক প্ৰভাৱ পৰিব বুলি আৱেদনত উল্লেখ কৰিছে জুহী চাওলাই। প্ৰাণীজগতৰ ওপৰত বৰ্তমানৰ তুলনাত এশ গুণ তেজষ্ক্ৰিয় বিকিৰণৰ প্ৰভাৱ পৰিব বুলি আৱেদনত উল্লেখ। ন্যায়ালয়ে অভিনেত্ৰীগৰাকীৰ আৱেদনৰ শুনানী গ্ৰহণ কৰিব ২ জুনত। এই সন্দৰ্ভত জুহী চাওলাই কয়, ‘মই উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰ বিৰোধী নহয়। ময়ো শেহতীয়া প্ৰযুক্তিৰ সুবিধা উপভোগ কৰো। কিন্তু মোৰ ব্যক্তিগত গৱেষণা অনুসৰি, 5g প্ৰযুক্তিৰ বিকিৰণ মানুহৰ স্বাস্থ্যৰ বাবে অতি মাৰাত্মক আৰু ক্ষতিকাৰক’। ২ জুনৰ শুনানীৰ পাছতহে স্পষ্ট হ’ব অভিনেত্ৰী তথা সক্ৰিয় পৰিবেশ কৰ্মীগৰাকীৰ আৱেদন সন্দৰ্ভত ন্যায়ালয়ৰ স্থিতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ