অসম লাইভ ২৪ঃ কোভিড আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ বাবে লাভ কৰিব ‘আনছিকিউৰ্ড লোন’। ৫ লাখ পৰ্যন্ত চিকিৎসা ঋণ ঘোষণা কৰিছে বেংক কৰ্তৃপক্ষই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ দীনেশ খাড়া আৰু ভাৰতীয় বেংক সংঘৰ অধ্যক্ষ ৰাজকিৰণ ৰায়ে দেওবাৰে ঘোষণা কৰে এই যোজনাৰ কথা। ভাৰতীয় ৰিজাৰ্ভ বেংকে ‘আনচিকিৱৰ্ড লোন’ৰ ক্ষেত্ৰত সুদৰ হাৰ ৮.৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্যক্তিগত ঋণ সকলো কোনো ব্যক্তি তথা পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে লাভ কৰিব। ব্যক্তিগত ঋণৰ ক্ষেত্ৰত নূন্যতম ২৫,০০০ টকা লাভ কৰিব আৰু ৫ বছৰৰ ভিতৰত এই ঋণ পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও সাৰ্বজনীন ক্ষেত্ৰৰ বেংকসমূহে ব্যক্তি, ব্যৱসায়ী আৰু MSMEক ২৫ কোটি পৰ্যন্ত ঋণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। SBIৰ লগতে আন বেংক সমূহেও প্ৰদান কৰিব এই ঋণ। ঋণ লাভৰ বাবে ব্যক্তিয়ে আৱেদন জনাব লাগিব বেংক কৰ্তৃপক্ষক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ