গুজৰাটৰ জামনগৰৰ বনতাৰাত হাতী আৰু অন্যান্য বন্য প্ৰাণীৰ বাবে এটা উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিছে অনন্ত আম্বানীয়ে৷ ইতিমধ্যেই তাত একাধিক বন্যপ্ৰাণী আছে৷ এইবাৰ বনতাৰালৈ অৰুণাচল প্ৰদেশৰ লগিং ইণ্ডাষ্ট্ৰিৰ পৰা উদ্ধাৰ কৰা ২০ টা হাতীক স্বাগত জনাবলৈ সাজু বনতাৰা৷ এই হাতীসমূহে তাত শৃংখল মুক্ত জীৱন যাপন কৰিব পাৰিব আৰু কেতিয়াও এইকেইটা হাতীয়ে কোনো ধৰণৰ শ্ৰম কৰিব নালাগে৷ উদ্ধাৰ কৰা হাতীসমূহৰ মাজত আছে ১০ টা হাতী আৰু ৮ জনী মাখুন্দী আৰু ২ টা সৰু পোৱালী৷ এই হাতীসমূহ সম্পূৰ্ণ আইনীভাৱেই উদ্ধাৰ কৰা হৈছে৷
ত্ৰিপুৰা হাইকৰ্টৰ দ্বাৰা গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ অনুমোদন আৰু ছুপ্ৰিম কৰ্টৰ দ্বাৰা অভিযানটো পৰিচালিত হৈছিল৷ ইয়াত হাতীকেইটাৰ মালিকৰো পূৰ্ণ সন্মতিও আছিল৷ উদ্ধাৰ কৰা হাতীকেইটাৰ মাজত কেইটামানৰ ভৰিত ক্ষত, কাৰোবাক মাত্ৰাধিক শ্ৰম কৰোৱাৰ বাবে শৰীৰ ভাঙি পৰা বুলিও চিকিৎসকে জনাইছে৷ হাতীকেইটাই নিৰ্মম অত্যাচাৰ সহ্য কৰিব লগা হৈছিল বিগত সময়ত৷ এতিয়া অৱশ্য সম্পূৰ্ণ স্বাধীনভাৱে কোনো শ্ৰম নকৰাকৈ বনতাৰাত থাকিব পাৰিব হাতীকেইটা৷ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত হাতীকেইটাৰ চিকিৎসা চলিব৷
বিশেষজ্ঞ ট্ৰেইনাৰৰ দ্বাৰা হাতী আৰু হাতী মাউতৰ প্ৰশিক্ষণ চলিব৷ মানৱিক আৰু বৈজ্ঞানীকভাৱে সমৰ্থিত হাতী ব্যৱস্থাপনাৰ পদ্ধতিতেই নিবিড় প্ৰশিক্ষণ দিয়া হ’ব৷ প্ৰাণীৰ বাবে সহানুভূতিশীল যত্নৰ ভৱিষ্যতো এই ট্ৰেইনিঙৰ মাজত সামৰি লোৱা হ’ব৷ বনতাৰাত ২০০ জনতকৈ অধিক বিশেষজ্ঞৰ এটা দল আছে৷ যাৰ মাজত হাতী পশুচিকিৎসক, পেৰাভেট, চিনিয়ৰ কেয়াৰটেকাৰ আৰু এম্বুলেন্স চালকো অন্তৰ্ভুক্ত৷ প্ৰাণীৰ নিৰাপদ আৰু সন্মতিপূৰ্ণ পৰিবহন নিশ্চিত কৰিব৷ ইয়াৰ পৰা যোৱা ২০ হাতীয়েও বনতাৰাত স্বাধীন জীৱন ঘূৰাই পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ