বৰুণ ধাৱানে সম্প্ৰতি জনাইছে যে তেওঁৰ শিশুকন্যা ডেভলপমেণ্টেল ডিছপ্লেছিয়া অফ দ্যা হিপ ৰোগত আক্ৰান্ত৷ যাৰ ফলত স্বাভাৱিকভাৱে খোজ কঢ়া আৰু দৌৰাৰ ক্ষমতা ব্যাহত হৈছে৷ বৰুণ আৰু তেওঁৰ পত্নীৰ কোলালৈ ২০২৪ চনত আহিছে কন্যা লাৰা৷ সাম্প্ৰতিক এক সাক্ষাৎকাৰত বৰুণে নিজেই কৈছে কন্যাৰ অসুস্থতাৰ কথা৷
বৰুণে কয় যে, লাৰাৰ বয়স এতিয়া প্ৰায় ডেৰ বছৰ, কিছুদিন পূৰ্বে এই ৰোগ ধৰা পৰিছে লাৰাৰ৷ তেওঁ জনাই যে চিকিৎসা পদ্ধতি অৱলম্বৰ কৰা হৈছে৷ লাৰা সোনকালে সুস্থ হৈ উঠিব বুলিও জনায় বৰুণে৷ বৰুণ ধাৱানে কৈছে, ‘ আমাৰ কন্যাৰ ডিডিএইচ ধৰা পৰিছে৷ এই ৰোগত নিতম্বৰ হাড় তাৰ চকেটৰ পৰা খুলি যায়৷ এখন ভৰি অন্যএখন ভৰিতকৈ সৰু হৈ যায়৷ যাৰ বাবে ঠিকমতে খোজকঢ়া বা দৌৰা আদি কৰিব নোৱাৰে৷ পশ্চিমী দুনীয়াত এই ৰোগৰ খুবেই ভাল চিকিৎসা আছে৷ সদ্যোজাত শিশুৰ জন্মৰ পৰাই এই চিকিৎসা কৰাৰ ব্যৱস্থা আছে৷ ভাৰতৰ সকলো স্থানত এই ৰোগৰ চিকিৎসা অৱশ্যে এতিয়াও নাই৷ কিন্তু ইয়াতো বহু ভাল চিকিৎসক আছে তেওঁলোকৰ তত্তাৱধানতে লাৰাৰ চিকিৎসা আৰম্ভ হৈছে৷’
বৰুণে লগতে জনাইছে যে তেওঁলোকৰ কন্যাৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয়৷ এক পদ্ধতিৰ মাধ্যমেৰে চিকিৎসকে হিপ পূৰ্বৰ স্থানলৈ উভতাই আনিব পাৰিছে৷ কিন্তু বহু যত্নৰ মাজেৰে লাৰাক কিছুদিন ৰাখিব লাগিব৷ আঢ়ৈ মাহ ৰেষ্টত থাকিব৷ এই ৰেষ্টো অত্যন্ত কঠিন৷ লাৰাক এনাস্থেচিয়াও দিয়া হৈছিল৷ আৰু যেতিয়া লাৰাৰ জ্ঞান ঘূৰি আহে তেতিয়া তাই নিজৰ ভৰিত কাষ্ট পিন্ধা দেখা পাই প্ৰথমে আচৰিত হৈছিল ভয় খাইছিল৷ এতিয়া অৱশ্যে কাষ্টটো খুলি দিয়া হৈছে৷
উল্লেখ্য যে ২০২১ চনৰ ২৪ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল বৰুণ-নাতাশা৷ আৰু ২০২৪ চনত দুয়োৰে কোলালৈ আহে কন্যা সন্তান লাৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ