মা লক্ষ্মী ৰুষ্ট নেকি আপোনাৰ ওপৰত, কিদৰে জানিব, এই কেইটা সংকেট দেখা দিব ঘৰত
হিন্দু ধৰ্মত মা লক্ষ্মীক ধনৰ দেৱী বুলি মনা হয় তথা পূজা কৰা হয়। মান্যতা অনুসৰি পুৱা গধুলি নিতৌ দেৱী লক্ষ্মীৰ পূজা কৰিলে ঘৰত কোনোদিনে আকালে দেখা নিদিয়ে তথা মা লক্ষ্মী সন্তুষ্ট হৈ থাকে।
কিন্তু জানেনে মা লক্ষ্মী ৰুষ্ট হ’লে ৰজাকো ভিখাৰী বনাই দিব পাৰে। ধন-সম্পত্তীৰ আকালে দেখা দিব পাৰে ঘৰত। এই কেইটা সংকেট পালেই জানিব দেৱী ৰুষ্ট হৈ আছে আপোনাৰ ওপৰত।
কোৱা হয় যে, ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। যদিহে সঘনাই ঘৰৰ ঝাৰু ভাঙি থাকে তেন্তে এইটা মা লক্ষ্মী ৰুষ্ট হোৱাৰ ইংগিত।
মান্যতা আছে যে, যদিহে ঘৰত থকা মানি প্লান্ট শুকুৱাবলৈ ধৰে তেন্তে ই অশুভ সংকেট তথা ইংগিত। মা লক্ষ্মী ৰুষ্ট হ’লে মানি প্লান্ট শুকুৱাবলৈ ধৰে বুলি কয়।
স্বয়ং দেৱী লক্ষ্মীৰ বাসস্থান বুলি কোৱা তুলসীৰ লগতে জড়িত আছে ৰুষ্ট হোৱাৰ কাহিনী। সেয়ে তুলসীৰ গছ শুকুৱাবলৈ ধৰাটোও মা লক্ষ্মী ঘৰখনৰ ওপৰত ৰুষ্ট হোৱা কাৰণ।
পাকঘৰ বা ঘৰৰ কোনো টেপৰ পৰা পানী পৰি থকাটো অশুভ বুলি ধৰা হয়। এইটো ধনৰ ক্ষতি হোৱাৰ ইংগিত। দেৱী লক্ষ্মী ৰুষ্ট হোৱাৰ ইংগিত।
বাৰে বাৰে যদি গাখীৰ গৰম কৰোতে উতলি পৰি যায়, তেন্তে ইয়ো মা লক্ষ্মী ৰুষ্ট হোৱাৰ কাৰণ।
সেয়ে এনেধৰণৰ কোনো এটা ইংগিত পালেই মা লক্ষ্মীৰ পুজা কৰি পূৰ্বৰ কোনো কামৰ ক্ষমা বিচাৰিব লাগে। প্ৰতি শুকুৰবাৰে তুলসীৰ তলত ঘিউৰে এটা চাকি জ্বলাব আৰু দেৱী লক্ষ্মীৰ মন্ত জপ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















