ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰৰ মতে আপুনি যদি কিছু কাম কৰে তেন্তে জীৱনলৈ অহা বহু প্ৰত্যাহ্বান শাম কাটিব পাৰে। ধন-সম্পত্তিৰ কিছু সমস্যা যদি আছে, তেন্তে বাস্তু শাস্ত্ৰৰ কিছু টিপছ আপোনাক আজি জনাব বিচাৰিছো।
উত্তৰ দিশটোক কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ এই দিশটোত টকাৰ বাকচ কেতিয়াও ৰাখিব নালাগে। কিন্তু দোকান বা তেনে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত ধনৰ বাকচ এইদিশত ৰাখিলে একো ক্ষতি নহয়। কিন্তু সদায় এটা কথা মনত ৰাখিব যে, ধনৰ বাকচ সদায় দক্ষিণ দিশত ৰাখিব লাগে। আনহাতে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ উত্তৰ দিশটো কেতিয়াও খালী ৰাখিব নালাগে।
বাস্তু শাস্ত্ৰৰ মতে, উত্তৰ দিশত সদায় সুৰ্য দেৱতা আৰু ইন্দ্ৰ দেৱতাই বাস কৰে। সেইবাৰে এই দিশটোত বিশেষ কোনো বয়-বস্তু ৰাখিব নালাগে। কোনো বয়-বস্তু ৰখাৰ পৰিৱৰ্তে এই দিশত সদায়েই একো গচকৈ বন্তি জ্বলাব লাগে। নতুবা এই দিশত ভগৱান গণেশ নাইবা লক্ষ্মী দেৱীৰ মূৰ্তি ৰাখিলেও শুভ হয়।
দক্ষিণ দিশটোক যম দেৱতাৰ আধিবপত্য থকা দিশ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে, এই দিশটোত ধনৰ বাকট ৰখাটো খুবেই শুভ বুলি গণ্য কৰা হয়। এটা কথা সদায় মনত ৰাখিব লাগে যে, এই দিশটোত কেতিয়াও শৌচালয় নিৰ্মাণ কৰিব নালাগে।
বাস্তু শাস্ত্ৰৰ এইকেইটা টিপছ মানি চলিছে আপোনাৰ বহু আৰ্থিক সমস্যা সমাধান ওলাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ