হিন্দু ধৰ্মত পুজা-পাঠ আদিৰ বহু মহত্ব আছে। নিতৌ পুৱা গধুলি বহু লোকে নিজ নিজ ঘৰত পুজা- পাঠ আদি কৰে। নিজৰ নিজ মনৰ বাঞ্ছা পূৰণৰ অৰ্থে ভগৱানৰ সমুখত প্ৰাৰ্থনা জনায়। ইয়াৰ বাবে কিছু লোকে প্ৰাৰ্থনা গৃহত এটা মূৰ্তি ৰাখে যদিও কিছু লোকে একেলগে বহু কেইটা মূৰ্তি ৰাখি পুজা কৰে।
কিন্তু এই ক্ষেত্ৰত আছে কিছু হকা বধা। মূৰ্তি ৰখাৰ পূৰ্বে সাৱধান হ’ব। যি কোনো মূৰ্তি ঘৰত নাৰাখিব। ঘৰত মূৰ্তি ৰখাৰ পূৰ্বে জানি লওক কেইটা মান কথা-
পূজা গৃহত কেতিয়াও নটৰাজৰ মূৰ্তি নাৰাখিব। ভগৱান শিৱৰ নটৰাজ মুদ্ৰাৰ মূৰ্তি ৰাখিলে ঘৰলৈ অশুভ সংকেট আহে বুলি ধৰা হয়।
ইয়াৰ বাহিৰে ঘৰত কেতিয়াও মা কালিৰ মূৰ্তি ৰাখিব নালাগে। মূৰ্তিৰ লগতে ফটোও পৰিহাৰ কৰি চলক।
শনি দেৱতাৰো মূৰ্তি নাৰাখিব প্ৰাৰ্থনা গৃহত। এই তিনিবিধ মূৰ্তি অথবা ফটো ৰখাৰ ক্ষেত্ৰত বাধা কৰি থোৱা আছে। কিয়নো এই তিনিবিধ অধিক শক্তিৰ সমাহাৰ।
অলপতে দোষ ধৰে এই প্ৰতিমাই। যাৰ বাবে এই তিনি প্ৰতিমা পৰিহাৰ কৰি চলক। অন্যথা ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনতো পৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















