বৈদিক জ্যোতিষ অনুসৰি শুক্ৰ গ্ৰহক ধন, প্ৰেম, সুখ সুবিধা আৰু বৈবাহিক জীৱনৰ কাৰক বুলি মনা হয়৷ যেতিয়া শুক্ৰই নিজৰ ৰাশি সলনি কৰে তেতিয়া তাৰ প্ৰভাৱ প্ৰতিজন ব্যক্তিৰ ওপৰত কোনোবা নহয় কোনোবা প্ৰকাৰে পৰে৷ দ্ৰিক পঞ্চাঙ্গ অনুসৰি শুক্ৰই ১৯ এপ্ৰিলৰ দুপৰীয়া ৩বাজি ৫৭ মিনিটত বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৃষো শুক্ৰৰেই ৰাশি৷ শুক্ৰৰ গোচৰত মালব্য মহাপুৰুষ ৰাজযোগৰ নিৰ্মাণ হব যাক শুভ বুলি ধাৰণা কৰা হয়৷ শুক্ৰৰ এই পৰিবৰ্তনে জীৱনত জাগতিক সুখ, আকৰ্ষণ আৰু আৰ্থিক মজবুতি কঢ়িয়াই আনিব৷ এই সময়ত আৰাম আৰু বিলাসিতাৰ দিশত আগুৱাব৷ শুক্ৰৰ প্ৰভাৱত কাৰ কাৰ জীৱনত লাক্সাৰি বাঢ়িব?
বৃষ ৰাশি
বৃষ ৰাশিৰ বাবে এই সময় বেছ ভাল বুলি প্ৰমাণিত হ’ব৷ কাৰণ শুক্ৰই এই ৰাশিত প্ৰৱেশ কৰিছে আৰু এই ৰাশিৰ অধিপতিও শুক্ৰ৷ এই সময়ত আত্মবিশ্বাস বাঢ়িব আৰু আপোনাৰ ব্যক্তিত্বও আকৰ্ষণীয় হব৷ পৰিশ্ৰমৰ ভাল পৰিণাম পাব৷ চাকৰিত প্ৰমোছন বা নতুন দায়িত্ব পাব পাৰে৷ ব্যৱসায়ীয়ে লাভ কৰিব৷ বিনিয়োগৰ নতুন সুযোগ পাব পাৰে৷ প্ৰেম জীৱনত সুখ বাঢ়িব৷ অবিবাহিত মানুহৰ বাবে বিবাহৰ প্ৰস্তাব আহিব পাৰে৷ খৰচ বৃদ্ধি পাব৷ বিশেষকৈ লাক্সাৰি সামগ্ৰী ক্ৰয় কৰিব৷ বাজেটৰ ওপৰত মনোযোগ দিয়ক৷ ইয়াৰোপৰি ওজন বঢ়াত সমস্যা থাকিব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ এই গোচৰে কৰ্মজীৱনত উন্নতিৰ বতৰা কঢ়িয়াই আনিব৷ এই পৰিবৰ্তনে আপোনাৰ জন্মকুণ্ডলীৰ কৰ্মভাৱত ঘটিছে যাৰ ফলত কৰ্মক্ষেত্ৰত আপুনি কামৰ বাবে প্ৰশংসা পাব পাৰে৷ চাকৰি পৰিবৰ্তন বা পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও ভাল সুযোগ আহিব পাৰে৷ পাৰিবাৰিক পৰিবেশ ইতিবাচক থাকিব আৰু আপোনাৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু দৃঢ় হব পাৰে৷ এই সময়ত প্ৰতিযোগিতাও বাঢ়িব পাৰে আৰু কিছু লোকে আপোনাৰ সাফল্যত ঈৰ্ষান্বিত হব পাৰে৷ ইয়াৰ ফলত মানসিক চাপ সৃষ্টি হব পাৰে৷ আপোনাৰ খৰচত নিয়ন্ত্ৰণ ৰাখক৷ অপ্ৰয়োজনীয় বিবাদৰ পৰা দূৰৈত থকাই শ্ৰেয়৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰৰ গোচৰ এক সৌভাগ্যৰ লক্ষণ হব পাৰে৷ এই গোচৰ ভাগ্যৰ ঘৰত ঘটিব যিয়ে অসমাপ্ত কাম সম্পন্ন হোৱাৰ ইংগিত দিয়ে৷ এই সময়ত ভাগ্যই আপোনাৰ সহায় কৰিব৷ নতুন প্ৰকল্পৰ কামত সফল হব পাৰে৷ বিদেশ ভ্ৰমণ, পঢ়াশুনা বা নতুন প্ৰকল্পই ইতিবাচক ফল দিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব আৰু আয়ৰ নতুন পথ খুলিব পাৰে৷ ধৰ্মীয় আৰু আধ্যাত্মিক কৰ্মকাণ্ডৰ প্ৰতি আগ্ৰহো বাঢ়িব৷ যিয়ে মনলৈ শান্তি আনিব৷ আৱেগ নিয়ন্ত্ৰণত ৰাখিব৷ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ চিন্তা কৰি আগবাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















