অসম লাইভ২৪ঃ ৰাশি পৰিবৰ্তন কৰি বেছ কিছু ৰাশিৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে শুক্ৰই৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি সুখ, বৈভৱ, বিলাসিতা, সমৃদ্ধি, ভালপোৱাৰ কাৰক গ্ৰহ হৈছে শুক্ৰ৷ শুক্ৰ গ্ৰহক বহুতে শুভ গ্ৰহ বুলিও কয়৷ কিন্তু বহু সময়ত শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কেইটামান ৰাশিৰ জীৱনত সমস্যাই দেখা দিয়ে৷ ৩ নৱেম্বৰৰ নিশা ৪বাজি ৫৮ মিনিটত বুধৰ ৰাশি কন্যাত সূৰ্যই প্ৰৱেশ কৰিব৷ এই ৰাশিতেই শুক্ৰই ভ্ৰমণ কৰিব৷ এই পৰিস্থিতিত শুক্ৰৰ গোচৰত বেছ কিছু ৰাশিৰ বাবে সমস্যাৰ সৃষ্টি হ’ব৷ এই পৰিস্থিতিত কেইটামান ৰাশিৰ জাতক সতৰ্ক হওক৷
মেষ ৰাশি
ৰাশি পৰিবৰ্তনৰ ফলত এই ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিব শুক্ৰই৷ এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকসকল সতৰ্ক হওক৷ শুক্ৰত মেষ ৰাশিৰ জাতকৰ সম্পৰ্কত নেতিবাচক প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে৷ কৰ্মক্ষেত্ৰত চেলেঞ্জৰ মুখামুখি হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ মুনাফা কমিব৷ ইয়াৰোপৰি আৰ্থিক লোকচানৰ যোগ আছে৷
সিংহ ৰাশি
শুক্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰাৰ পিছত সিংহ ৰাশিৰ দ্বিতীয় স্থানত বিৰাজ কৰিব৷ এই পৰিস্থিতিত সিংহ ৰাশিৰ জাতকসকল সমস্যাৰ সন্মুখীন হ’ব৷ কেৰিয়াৰত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ চাকৰি ক্ষেত্ৰতো অসন্তুষ্ট থাকিব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি কাৰ্যালয়ৰ সহকৰ্মীৰ পৰা সাৱধানে থাকক৷ কাৰণ আপোনৰা লোকচানৰ কাৰণ সহকৰ্মীয়ে হৈ পৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও সময় ভাল নহয়৷ লাভতকৈ ক্ষতি বেছি হ’ব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷
কুম্ভ ৰাশি
এই ৰাশিৰ অষ্টম স্থানত শুক্ৰই প্ৰৱেশ কৰিব৷ এই পৰিস্থিতিত কুম্ভ ৰাশিৰ জাতকৰ উন্নতিৰ পথত বাধা আহিব৷ দাম্পত্য জীৱনত সমস্যা আহিব৷ চাকৰিয়ালসকলৰো কৰ্মক্ষেত্ৰত কোনো কাৰণত অৱসাদ আহিব পাৰে৷ নিজৰ কৰ্মত সন্তুষ্ট নাথাকিব৷ নতুন কামৰ সন্ধান কৰি থাকিব৷ ব্যৱসায়ীসকলে এই সময়ত পৰিশ্ৰমৰ পূৰ্ণ ফল অৰ্জন কৰিব পাৰিব৷ প্ৰতিদ্বন্দীয়ে আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ