জীৱনত সুঃসময় আৰু দুঃসময়ৰ চকা সমানে ঘূৰে৷ বেয়া সময় আহিলে ভাল সময়ো আহে৷ কিয় ভাগ্য পৰিবৰ্তিত হয়, কেনেকৈ হয় এই সকলো ৰহস্যৰ ব্যাখ্যা আছে জ্যোতিষশাস্ত্ৰত৷ এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গ্ৰহ, নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তন হয়৷ যাৰ শুভ অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷
শুক্ৰক প্ৰেম,সুখ, সমৃদ্ধি আৰু সম্পদৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ সেয়ে জ্যোতিষশাস্ত্ৰত শুক্ৰৰ অৱস্থান পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিগত ২ মাৰ্চত শুক্ৰই মীন ৰাশিত প্ৰৱেশ কৰিছিল৷ আৰু আগন্তুক ১৩ এপ্ৰিল পৰ্যন্ত শুক্ৰই চিধা পথেৰে যাত্ৰা কৰিব৷ ইয়াৰ পাছতেই ৩১ মেত মেষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ১২ বছৰৰ পাছত শুক্ৰই মঙ্গলৰ ঘৰ মেষ ৰাশিৰ গমন কৰিব৷ যাৰ ফলত ৩ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ আপুনিও আছে নেকি সেই তালিকাত?
বৃষ ৰাশি
শুক্ৰৰ প্ৰভাৱত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত বাহন, ঘৰ কিংবা সম্পত্তি কিনাৰ স্বপ্নপূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব পাৰে৷
কন্যা ৰাশি
শুক্ৰৰ গতিৰ ফলত কন্যা ৰাশিৰ জাতক জাতিকাৰ কঁপাল খুলিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ কৰ্মসূত্ৰত বিদেশলৈ যাব পাৰে৷ যিকোনো কামত পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব৷ সন্তানৰ পৰা সুখবৰ পাব পাৰে৷
ধনু ৰাশি
শুক্ৰই মঙ্গলৰ ঘৰত প্ৰৱেশ কৰিলে ধনু ৰাশিৰ আৰ্থিক পৰিস্থিতি উন্নত হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷ অফিচত ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কাম পছন্দ কৰিব৷ সহকৰ্মীৰ সহযোগিতা পাব৷ দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা স্বস্তি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ