আজি ৰূপৰ পদক লাভ কৰিব নে বিনেশে, বিনেশৰ ঘটনাৰ পাছতে বিশ্ব মল্লযুঁজ সন্থাই সলাব এই নিয়ম
২০২৪ চনৰ পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা কৰাৰ পিছত বিনেশ ফ’গাটৰ গোচৰ এতিয়া ক্ৰীড়াৰ আদালতত হৈ আছে। পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো পদক লাভ নকৰিলে । কিয়নো ফাইনেল মেচৰ পূৰ্বে বিনেশৰ ওজন ৫০ কেজিতকৈ মাত্ৰা ১০০ গ্ৰাম অধিক আছিল।
যাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল বিনেশক। অযোগ্য হোৱাৰ অৰ্থ আছিল বিনেশে কোনো পদক লাভ নকৰে। পাছে ইয়াৰ পিছতে ৰূপৰ পদক সন্দৰ্ভত বিনেশৰ হৈ ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (চি এছ এ)ত আবেদন জনোৱা হয়।
বিনেশৰ আবেদনৰ পিছত চি এছ এয়ে ১০ আগষ্টত ৰূপৰ পদক গোচৰৰ ৰায়দানৰ দিন ধাৰ্য কৰিছিল যদিও সেইদিনা কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল। ইয়াৰ পিছত ১১ তাৰিখ আৰু এতিয়া আজি ১৩ আগষ্টত সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে বিনেশে। নিশা ৯.৩০ বজাত এই সিদ্ধান্ত অহাৰ সম্ভাৱনা।
এতিয়া লক্ষ্যণীয় যে আজি সিদ্ধান্ত আহে নে নাই? একাংশ বাতৰিত দাবী কৰা হৈছে যে এতিয়া এই বিষয়ত সিদ্ধান্ত কাইলৈ ১৪ আগষ্টতহে আহিব পাৰে। সোমবাৰে অলিম্পিক গেমছ ভিলেজৰ পৰা ওলাই আহি ভাৰতলৈ উভতি যাবলৈ সাজু হোৱা দেখা গৈছিল বিনেশ ফ’গাটক।
উল্লেখ্য যে, ২০২৪ চনৰ পেৰিছ অলিম্পিকত বিনেশ ফ’গাটে এক সুন্দৰ আৰম্ভণি কৰিছিল। বিনেশে প্ৰথম দিনাই ৩ জন মল্লযুঁজাৰুক পৰাস্ত কৰিছিল। পেৰিছ অলিম্পিকৰ প্ৰথমখন খেলত ভিনেশে জাপানৰ য়ুই চুছাকিক পৰাস্ত কৰে। এই মেচখনত বিনেশে মাত্ৰ ১০ ছেকেণ্ডত জয়লাভ কৰিছিল। ইয়াৰ পৰাই বিনেশে ফাইনেলত স্থান লাভ কৰে। লগতে ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথম গৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।
পাছে এই সকলোবোৰৰ আগতে আন এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। যি নিয়মৰ বাবে বিনেশ খেলখনৰ পৰা বাহিৰ হৈছিল, বিশ্ব মল্লযুঁজ সন্থাই সেই নিয়ম সলোৱাৰ বাবে আলোচনা আৰম্ভ কৰিছে। খেলুৱৈ সকলৰ ওজন সন্দৰ্ভত থকা পূৰ্বৰ নিয়মৰ সালসলনি কৰাৰ সম্ভাৱনা বিশ্ব মল্লযুঁজ সন্থাৰ। যদিহে নিয়ম সলনি হয় তেন্তে পৰৱৰ্তী টুৰ্নামেণ্টৰ পৰাই এই নিয়ম প্ৰচলিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















