দৃশ্য দেখিলে শিয়ঁৰি উঠিব আপুনিও, এমাহে ধৰি কনমানিৰ নাকৰ ভিতৰত জোক
শিশুৰ যতন লোৱাটো কোনো কোনো ক্ষেত্ৰত কাৰোবাৰ বাবে জটিল হৈ পৰে। কিয়নো কিছুমান শিশুৱে নিজৰ লগত কি ঘটি আছে একোকে নাজানে। বহু সময়ত খেলা-ধূলা কৰি থাকোঁতেও শিশুৱে কোনো আঘাত পায়, কেতিয়াবা নিজেও নাজানে সেই আঘাত কিমান গভীৰ।
তেনেই এটি ঘটনাৰ ভিডিঅ’ বৰ্তমানে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ’ত এটি কনমানিক দেখা গৈছে, সেই ভিডিঅ’ দেখি শিয়ঁৰি উঠিছে বহু লোক। অৱশ্যে এই দৃশ্য কোন ঠাইৰ সেই বিষয়ে জানিব পৰা হোৱা নাই।
প্ৰায় এমাহ ধৰি নাকত জোক আবদ্ধ হৈ থকা এটা শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টো এখন চিকিৎসালয়ৰ, য’ত শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হৈছে।
ভিডিঅ’টোত স্বাস্থ্য বিশেষজ্ঞগৰাকীয়ে কোনো বিশেষ আহিলাৰ সহায়ত শিশুটিৰ নাকৰ পৰা জোক উলিয়াই অনা দেখা গৈছে। যন্ত্ৰৰ সহায়ত ডাক্তৰে প্ৰথমে জোকটো ধৰি তাৰ পিছত লাহে লাহে উলিয়াই দিয়ে। এই চাঞ্চল্যকৰ ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
শিশুৰ নাকৰ পৰা জোক আঁতৰোৱাৰ ভিডিঅ’টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত। এই ভিডিঅ’টো এতিয়ালৈকে ইনষ্টাগ্ৰামত ৭৭.২ লাখতকৈ অধিক বাৰ চোৱা হৈছে আৰু প্ৰায় ৮৪.৬ হাজাৰ লোকে এই ভিডিঅ’টো লাইক কৰিছে। লগতে আন ২৪.৭ হাজাৰ ব্যৱহাৰকাৰীৰ সৈতে শ্বেয়াৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ