১৪ বছৰীয়া টেষ্ট কেৰিয়াৰত কি কি ৰেকৰ্ড গঢ়িলে কোহলীয়ে
বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰোহিত শৰ্মাৰ অৱসৰৰ মাত্ৰ কেইদিনমানৰ পিছতে কোহলীয়েও ৰেডবল ফৰ্মেটৰ পৰা বিদায় লয়। এতিয়া টেষ্ট আৰু টি-২০ দুয়োটা ফৰ্মেটতে দেখা পোৱা নাযাব ৰোহিত আৰু বিৰাটৰ যুটিক।
৩৬ বছৰীয়া কোহলীয়ে ২০১১ চনৰ জুন মাহত টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৪ বছৰীয়া দীঘলীয়া টেষ্ট কেৰিয়াৰত তেওঁ বহু অভিলেখ ভংগ কৰিছে। কি কি ৰেকৰ্ড বিৰাটৰ নামত-
ভাৰতীয় অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট শতক – টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ বিৰাট কোহলী। বিৰাটে ৬৮খন টেষ্ট মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিছিল, ইয়াৰে ২০টা ইনিংছত শতক অৰ্জন কৰিছিল। অধিনায়ক হিচাপে ১১টা শতক অৰ্জন কৰিছিল বিৰাটে। টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত প্ৰথমত বিৰাট আৰু দ্বিতীয় স্থানত আছে সুনীল গাভাস্কাৰ।
ভাৰতীয়ৰ সৰ্বাধিক দ্বৈত শতক – টেষ্ট ফৰ্মেটত এজন ভাৰতীয়ৰ সৰ্বাধিক দ্বৈত শতক অৰ্জন কৰা বেটছমেন বিৰাট কোহলী। ১৪ বছৰীয়া ৰেডবল কেৰিয়াৰত তেওঁ ৭টা দ্বৈত শতক অৰ্জন কৰিছে। ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ অন্তিমটো দ্বৈত শতক আছিল। শচীন টেণ্ডুলকাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগে দুয়োজনে টেষ্টত ৬টা দ্বৈত শতক অৰ্জন কৰিছে।
টেষ্টত ভাৰতৰ সফল অধিনায়ক – বিৰাট কোহলীয়ে সৌৰভ গাংগুলী, মহম্মদ আজহাৰুদ্দিন আৰু এম এছ ধোনীৰ দৰে কিংবদন্তি অধিনায়কক পৰাস্ত কৰিছে। টেষ্টত ভাৰতৰ সফল অধিনায়ক আছিল বিৰাট। বিৰাটৰ অধীনত টিম ইণ্ডিয়াই ৬৮খন টেষ্ট মেচৰ ভিতৰত ৪০খনত জয়লাভ কৰিছিল। তেওঁৰ অধিনায়কত্বত ভাৰতৰ জয়ৰ শতাংশ আছিল ৫৮.৮২। ১০খনতকৈ অধিক টেষ্ট মেচত টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰা খেলুৱৈসকলৰ ভিতৰত বিৰাটৰ জয়ৰ শতাংশ সৰ্বাধিক।
বিদেশী টেষ্ট ভ্ৰমণত চাৰিটা শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় – বিদেশ ভ্ৰমণত চাৰিটা শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ বিৰাট কোহলী। ২০১৪–১৫ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত তেওঁ ৪টা শতক অৰ্জন কৰিছিল। ইয়াৰ উপৰিও ২০১৬-১৭ ইংলেণ্ড ছিৰিজতো বিৰাটে চাৰিটা শতকীয় ইনিংছ খেলিছিল।
টেষ্টত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী – টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলী। বিৰাটৰ কেৰিয়াৰত ১২৩খন টেষ্ট মেচত ৯,২৩০ ৰান সংগ্ৰহ কৰে। এই তালিকাত একাদিক্ৰমে আছে- শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সুনীল গাভাস্কাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















