PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীতকালত খুবেই ভৰিৰ গোৰোহা ফাটে? কেৱল বাহ্যিক যত্ন নহয়, শৰীৰত এই ভিটামিনৰ ঘাটি দূৰ কৰিলেহে কমিব এই সমস্যা

শীত আহিলেই বহুতৰে সকলোতকৈ ডাঙৰ সমস্যা হৈছে গোৰোহা ফটা৷ ভৰিৰ তল শুকাই গলে ছাল ফাটিবলৈ আৰম্ভ হয়৷ লগতে বিষো আৰম্ভ হব পাৰে৷ সাধাৰণতে শুকান পৰিবেশ আৰু পানী কমকৈ পান কৰাৰ কাৰণে এনে হয় বুলি প্ৰচলিত ধাৰণা৷ কিন্তু বহুতেই নাজানে যে শৰীৰত কিছু ভিটামিনৰ অভাৱ থাকিলেও এই সমস্যা আৰু বাঢ়ি যায়৷ কেৱল শীতেই নহয় গৰমকালতো গোৰোহা ফাটে৷

শীতকালত বতাহত আৰ্দ্ৰতা কম থাকে৷ ফলত ছালে নিজৰ আৰ্দ্ৰতা ধৰি ৰাখিব নোৱাৰে৷ ইয়াৰ সৈতে যদি শৰীৰত কিছু ভিটামিন কমি যায় তেতিয়া ছালৰ কোষ দুৰ্বল হয় আৰু সহজেই ফাটি যায়৷ আৰু সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হয় গোৰোহা৷ কি কি ভিটামিনৰ অভাৱত ভৰি ফটাৰ সমস্যাত ভূগিব পাৰে? জানি থওক সবিশেষ৷

ভিটামিন ইঃ ভিটামিন ই ছালৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ ই ছালক নৰম ৰাখে আৰু শুষ্কতা কমায়৷ ইয়াৰ অভাৱত ছাল ৰুক্ষ হৈ পৰে৷ ছালৰ ওপৰিভাগ টান হৈ ফাটিবলৈ আৰম্ভ হয়৷ খোজ কাঢ়োতে গোৰোহাতেই বেছিকৈ চাপ পৰে সেয়েহে গোৰোহাই আগতে ফাটিবলৈ ধৰে৷

ভিটামিন বি-৩ঃ এই ভিটামিনে ছালৰ কোষক সুস্থ ৰাখে৷ বি-৩ কম থাকিলে ছাল শুকায় যায়৷ আৰু ফাটিবলৈ ধৰে৷ আনকি গোৰোহা গভীৰভাৱে ফাটিবলৈ ধৰে৷

ভিটামিন চিঃ ভিটামিন চিয়ে ছালত কোলাজেন তৈয়াৰ কৰে৷ কোলাজেনেই ছালক নমনীয় আৰু মজবুত কৰি ৰাখে৷ শৰীৰত ভিটামিন চি কমি গলে ছাল পাতল হৈ শুকাই যায়৷ ফলত সামান্য শুকান বতৰ আহিলেই গোৰোহা ফাটিবলৈ ধৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *