অসম লাইভ২৪ঃ হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশ বাঢ়িছে। অস্বাস্থ্যকৰ জীৱনযাপন, অতিৰিক্ত মানসিক চাপ, বাহিৰত খাদ্য খোৱাৰ প্ৰৱণতা এইসমূহ কাৰণতে এটা বয়সৰ পাছত প্ৰায়সংখ্যক লোকেই হাৰ্টৰ ৰোগত ভোগে। উচ্চ ৰক্তচাপ, কল’ষ্টেৰল, ডায়বেটিছ আদি থকা লোকেও অধিক সতৰ্ক হোৱাটো প্ৰয়োজন। ইয়াৰোপৰি হৃদৰোগৰ লক্ষণসমূহৰ সম্পৰ্কেও জনাটো খুবেই প্ৰয়োজন। বুকু বিষ, শ্বাসপ্ৰশ্বাসত কষ্ট, অতিৰিক্ত ঘাম ওলোৱা আদি লক্ষণৰ উপৰিও হৃদৰোগৰ অন্য কেইবাটাও লক্ষণ আছে।
আঙুলিৰ গাঁঠি ফুলি উঠা
আঙুলিৰ গাঁঠি ফুলি যোৱাটো হৃদৰোগৰ এটা লক্ষণ। ফুলি যোৱাৰ ওপৰিও হৃদৰোগৰ সমস্যা থাকিলে নখৰ বৃদ্ধিও হ্ৰাস পায়। কিন্তু সকলো আঙুলিৰে নহয়। তৰ্জনী আৰু বুঢ়া আঙুলিতেই মূলত হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণসমূহ ফুঁটি উঠে।
হাতৰ তলুৱা বিৱৰ্ণ হৈ যোৱা
হাতৰ তলুৱা ৰঙা পৰা, বাদামী বা বিবৰ্ণ হৈ পৰা আদি হাৰ্টৰ সমস্যাৰ মূল লক্ষণ। হৃদযন্ত্ৰ আৰু তাৰ পাৰ্শ্ববৰ্তী ৰক্তনলিকাত বেক্টেৰীয়াৰ সংক্ৰমণৰ ফলত এই সমস্যাই দেখা দিয়ে। এই লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী।
নখৰ তলত হালধীয়া ৰেখাই দেখা দিয়ে
লক্ষ্য কৰিলে দেখা যায় যে বহুসময়ত নখৰ তলত ৰঙা বা পাতল বেঙুনীয়া ৰঙৰ দাগ পৰে। চিকিৎসকৰ এই লক্ষণটোক প্লিণ্টাৰ হেমাৰোজিং নামেৰে জনা যায়। এই লক্ষণ হৃদৰোগৰ অন্যতম এক লক্ষণ। নখৰ তলত এনে ৰেখা ওলোৱাৰ উপৰিও মাজে মাজে জ্বৰ বা অনিয়মিত হৃদস্পন্দনৰ দৰে সমস্যা দেখিলেও অচিৰেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ