তৰমুজত নিমখ লগাই খাই নেকি, তেন্তে সাৱধান, জানি লওক ইয়াৰ পাছৰ কাৰণ
গ্ৰীষ্মকালত ৰসাল তৰমুজ খোৱাৰ এক সুকীয়া আনন্দ পোৱা যায়। তৰমুজ খালে শৰীৰত পানীৰ অভাৱ দূৰ হয়। ইয়াত থকা খনিজ পদাৰ্থ আৰু ভিটামিন স্বাস্থ্যৰ বাবে বহু উপকাৰী। বহুতে তৰমুজ জুচ আৰু স্মুদি বনাই সেৱন কৰে।
বহুতে তৰমুজৰ ওপৰত সামান্য নিমখ ছটিয়াই খাবলৈ ভাল পায়। তেওঁলোকৰ মতে ইয়াৰ ফলত তৰমুজৰ মিঠা সোৱাদ বৃদ্ধি পায়। নিমখে তৰমুজ অধিক ৰসাল কৰি তোলে। অৱশ্যে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি খাদ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে।
খাদ্য বিশেষজ্ঞৰ মতে তৰমুজৰ সৈতে নিমখ খালে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে। অত্যধিক নিমখ খালে বি পি ৰোগীৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত পুষ্টিৰ সমস্যাও হ’ব পাৰে।
তৰমুজ কম কেলৰিযুক্ত ফল, ভিটামিন এ, বি ১, বি ৫ আৰু চি আৰু এন্টি অক্সিডেন্টযুক্ত। তৰমুজত অলপ নিমখ দিলে ইয়াৰ পুষ্টিৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে, কিন্তু যদি আপুনি গোটেই দিনটো অত্যধিক ছডিয়াম সেৱন কৰি আছে তেন্তে সমস্যা বৃদ্ধি পাব পাৰে। গতিকে নিমখৰ ভাৰসাম্য বজাই ৰাখি তৰমুজ খোৱাৰ কোনো সমস্যা নাই, বেছিকৈ নিমখ খোৱাৰ পৰা বিৰত থাকিব লাগে।
আমি যেতিয়াই যিকোনো ফল খাওঁ তেতিয়াই তাৰ ওপৰত নিমখ বা ক’লা নিমখ দিওঁ। যাৰ বাবে ইয়াৰ সোৱাদ বৃদ্ধি পায় কিন্তু পুষ্টিকৰ উপাদানবোৰ হেৰাই যায়। আন যিকোনো ফলৰ দৰে যদি আপুনি তৰমুজৰ লগতে ইয়াৰ পুষ্টিও উপভোগ কৰিব বিচাৰে তেন্তে নিমখ দি ভুল নকৰিব। নিমখৰ বাবে আপোনাৰ শৰীৰে তৰমুজৰ সকলো পুষ্টিকৰ উপাদান সম্পূৰ্ণৰূপে শোষণ কৰিবলৈ সক্ষম নহয়। গতিকে তৰমুজ খোৱাৰ সময়ত বা খোৱাৰ লগে লগে নিমখ সেৱন নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ