হাতৰ ৰেখাসমূহৰ বিভিন্ন আকৃতিয়ে আমাৰ ভৱিষ্যৎ সম্পৰ্কে কৈ দিব পাৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সুপ্ৰাচীনকালৰে পৰাই হাতৰ ৰেখাৰ অসীম গুৰুত্ব৷ হাতৰ বিভিন্ন আঙুলিৰ আকাৰ আৰু ৰেখাৰ গঠনে আমাৰ ভাগ্য নিৰ্ণয় কৰে৷ ইয়াৰোপৰি সুখ, সমৃদ্ধি আৰু সম্পদ ভৱিষ্যতে কিমান হ’ব সেয়াও জনা যায় এই বিশেষ ৰেখাৰ পৰা৷ হাতৰ ৰেখাৰ দৰেই গুৰুত্বপূৰ্ণ হৈছে হাতৰ আঙুলি৷ আঙুলিৰ কিছু বিশেষ গঠনেই কৈ দিব পাৰে কঁপালত অৰ্থসুখ কিমান আছে৷
হাতৰ আঙুলি চায়েই অৰ্থভাগ্য গণনাৰ পদ্ধতি
১. কোনো ব্যক্তিৰ ভাগ্য নিৰ্ধাৰণ কৰে তেওঁৰ ভাগ্যৰেখাই৷ হাতৰ শেষভাগ অৰ্থাৎ মণিবন্ধৰ পৰা আৰম্ভ হৈ এই ৰেখা যদি শনি পৰ্বত গৈ শেষ হয় তেন্তে সেই ব্যক্তি অত্যন্ত ভাগ্যশালী হয়৷ জীৱনৰ প্ৰতিটো সুখ তেওঁলোকে লাভ কৰে৷ চাকৰি আৰু ব্যৱসায় দুই ক্ষেত্ৰতেই তেওঁ উন্নতি লাভ কৰে৷
২. হাতৰ মাজৰ আঙুলিক কোৱা হয় মধ্যমা৷ মধ্যমাৰ তলত শনি পৰ্বতে অৱস্থান কৰে৷ যদি এই পৰ্বত উঠি থাকে তেন্তে সেয়া অত্যন্ত শুভ৷ এই ব্যক্তি জীৱনত অৰ্থবান হয়৷ তেওঁ সমাজত যথাৰ্থ মান সন্মান লাভ কৰে৷
৩. শনি পৰ্বতৰ তলৰ ৰেখাই কৈ দিব পাৰে এজন ব্যক্তিৰ জীৱনত অভাৱ থাকিবনে নাথাকে৷ মধ্যমা আঙুলিৰ তলত যত শনি পৰ্বতৰ অৱস্থান তাত দুডাল দীঘল ৰেখা থাকিলে তেনে ব্যক্তিয়ে জীৱনত কোনো অভাৱত নপৰে৷
৪. এজন ব্যক্তিৰ ভাগ্য জনায় দিয়ে হাতৰ আঙুলিয়েও৷ কোনো ব্যক্তিৰ হাত ভৰি বা আঙুলি কোমল আৰু দীঘল হলে তেওঁ অৰ্থবান হয়৷
৫. হাতৰ ওপৰত যদি ত্ৰিকোণাকৃতি চিহ্ন থাকে তেন্তে সেই ব্যক্তি অত্যন্ত সমৃদ্ধিশালী হয়৷
(এই প্ৰতিবেদন সমুদ্ৰশাস্ত্ৰৰ গণনাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা সমস্যা থাকিলে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















