অসম লাইভ২৪ঃ শ্বাস-প্ৰশ্বাসত কষ্ট, কাঁহ, বুকুৰ ঘেৰঘেৰণি এইসমূহ হাপানিৰেই লক্ষণ। হাওঁফাওঁত অক্সিজেন লোৱাৰ বাবে সৰু সৰু টিউবৰ দৰে অজস্ৰ নলি থাকে। এলাৰ্জি আৰু অন্যান্য কাৰণত সুক্ষ্ম শ্বাসনলীসমূহৰ মাংসপেশী সংকুচিত হৈ আহে। সংকুচিত হৈ আহিলে অক্সিজেন লোৱাত অসুবিধা হয়। যাৰফলত শৰীৰে প্ৰয়োজনীয় অক্সিজেন নাপায়। শৰীৰত অক্সিজেনৰ পৰিমান কমি গ’লেই শৰীৰত বহুকেইটা সমস্যাই দেখা দিয়ে। বতৰ সলনিৰ সময়ছোৱাত হাঁপানিৰ সমস্যাও বাঢ়ি যায়। হাঁপানিৰ প্ৰধান উপায় হিচাপে চিকিৎসকে ইনহেলাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শিশুৰ ক্ষেত্ৰত ইনহেলাৰ দিয়াটো বহুতৰে চিন্তাৰ কাৰণ হৈ পৰে। ইনহেলাৰ ব্যৱহাৰৰ সময়ত কিছু নিয়ম মানি নচলিলে বহুকেইটা সমস্যাই দেখা দিব পাৰে।
কেনেকৈ ইনহেলাৰ ব্যৱহাৰ কৰিব?
প্ৰথমবাৰ ইনহেলাৰ ব্যৱহাৰ কৰিলে তাত কোনো মলি জমা হৈ আছে নেকি চাবলৈ নাপাহৰিব। ইনহেলাৰ ব্যৱহাৰৰ পূৰ্বে পৰিষ্কাৰ কৰি নললে হাপানী বাঢ়ি যোৱাৰহে সম্ভাৱনা থাকে।
ইনহেলাৰ ব্যৱহাৰ কৰাৰ পূৰ্বে ভালধৰণে জোকাৰি ল’ব লাগে। জোকাৰি নল’লে ইনহেলাৰেও কাম নকৰে।
ইনহেলাৰ ব্যৱহাৰৰ পূৰ্বে গভীৰ শ্বাস ল’ব লাগে। গভীৰ শ্বাস নোলোৱাকৈ ইনহেলাৰ ব্যৱহাৰ কৰিলে সমস্যা হ’ব পাৰে। ইনহেলাৰ লোৱাৰ প্ৰক্ৰিয়া ভুল হ’লেও ৰোগীজনে উশাহ লোৱাত অসুবিধা পাব পাৰে। ইনহেলাৰ লওতে কেইবাৰ উশাহ টানিব সেয়াও চিকিৎসকৰ পৰা জানি লোৱাটো অতিকৈ প্ৰয়োজন।
ষ্টেৰয়েড ইনহেলাৰ ব্যৱহাৰ কৰাৰ অন্তত পৰিস্কাৰ পানীৰে মুখ কুলকুলি কৰিবলৈ নাপাহৰিব। অনথ্যা মুখত ঘা লাগিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ