সাৱধান , কেইবাখনো জিলাত পৰিছে অৰেঞ্জ এলাৰ্ট, ইয়েল্ল’ এলাৰ্টো আছে কেইবাখনত
ৰাজ্যবাসীলৈ সাৱধানবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি আৰু কালিৰ দিনটোত কেইবাখনো জিলাত আছে অৰেঞ্জ এলাৰ্ট। সেই কেইখন জিলাত অধিক পৰিমানে হব বতাহ-বৰষুণ তথা বজ্ৰপাত।
শিল বৰষুণৰো সম্ভাৱনা কেইবাখনো জিলাত। সদৰি কৰা তালিকা অনুসৰি উজনি অসমত অধিক পৰিমানে হ’ব বতাহ বৰষুণ আৰু বজ্ৰপাত। মৰিগাঁও আৰু নগাঁও জিলাত আজি আৰু কালি ইয়েল্ল’ এলাৰ্ট পৰিছে। হোজাই আৰু কাৰ্বি আংলঙত কেৱল আজিয়ে বতৰ বেয়া থাকিব বুলি প্ৰকাশ পাইছে।
গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ জিলাতো ইয়েল্ল’ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পাছে ধেমাজি জিলাত আজি ইয়েল্ল’ যদিও কালিৰ দিনটোত অৰেঞ্জ এলাৰ্ট পৰিছে। কাইলৈৰ দিনটোৰ অধিক বেয়াৰ ফালে যাব বতৰৰ পৰিস্থিতি।
ডিব্ৰুগড় জিলাতো ঠিক তেনেদৰে আজি ইয়েল্ল’ যদিও কালিৰ দিনটোত অৰেঞ্জ এলাৰ্ট পৰিছে। পাছে তিনিচুকীয়া জিলাত আজি আৰু কাইলৈৰ দুয়োটা দিনতে অৰেঞ্জ এলাৰ্ট পৰিছে। জিলা খনত শিল বৰষুণ, বজ্ৰপাত হোৱাৰ লগতে বতাহ আৰু বৰষুণৰ মাত্ৰা অধিক হোৱাৰ সম্ভৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ