বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি
অৰুণাচল প্ৰদেশত সাধাৰণ নিৰ্বাচন তথা বিধানসভা নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব, পাছে নিৰ্বাচনৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি।
১০ গৰাকীকৈ বিজেপি প্ৰাৰ্থীৰ জয়ী হোৱাত এতিয়া উচবমুখৰ হৈ পৰিছে ৰাজ্যখনৰ বিজেপি দল। মনোনয়ন উঠাই লোৱাৰ অন্তিন দিন পাৰ হোৱাৰ লগে লগে বিজয়ী হিচাপে পৰিগনিত হয় ১০ প্ৰাৰ্থী।
কিয়নো সেই ১০ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বাহিৰে অন্য কোনেও মনোনয়নেই দাখিল কৰা নাই। যাৰ বাবে বিনা প্ৰতিদ্বন্দিতাই বিজয় সাব্যস্ত কৰে ১০ গৰাকী বিজেপি প্ৰাৰ্থীয়ে।
উল্লেখ্য যে, অহা ১৯ এপ্ৰিলত প্ৰদেশ খনত ৬০ টা সমষ্টিত ভোটগ্ৰহণ হোৱাৰ কথা আছিল, এতিয়া সেই ১০ টাৰ বাদে বাকি ৫০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
নিৰ্বাচন প্ৰতিনিধিয়ে এই ক্ষেত্ৰত জানিবলৈ দিয়া অনুসৰি, কেৱল ৬ টা সমষ্টিত অকল বিজেপিৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তাৰ বাহিৰে অন্য ৪ টাত বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন উঠাই লয়।
এই বিজয়ত ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সমষ্টি কেইটাৰ সকলো জনসাধাৰণকে ধন্যবাদ জনাই, লগেত কয় এয়া সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল দৃষ্টিকোনৰ বাবে সম্ভৱ হৈ পৰিছে।
উল্লেখ্য যে, এইবাৰেই প্ৰথম বিজেপিয়ে এনেদৰে নিৰ্বাচন নেখেলাকৈয়ে বিজয় সাব্যস্ত কৰিছে। তথপি ই ৰেকৰ্ড নহয়, ইয়াৰ পূৰ্বে ২০১৪ চনত ৰাজ্যখনত কংগ্ৰেছৰ ১১ প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাকৈয়ে বিনা প্ৰতিদ্বন্দিতাই বিজয়ী হিচাপে ঘোষিত হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ