কাইলৈ ১০ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে চন্দ্ৰই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ প্রভাৱ৷ কাইলৈ থাকিব ৰেৱতী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ১০ ছেপ্টেম্বৰ ধ্ৰুৱ যোগত শুভ দিন আৰম্ভ হব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা ধন লাভ কৰিব৷ কাইলৈ কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব৷ এই সুখবৰ শুনাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল৷ ব্যৱসায়ীয়েও আৰ্থিকভাৱে লাভৱান হব৷
মিথুন ৰাশি
কৃষ্ণা তৃতীয়াত কাইলৈ মানসিক শান্তি পাব মিথুন ৰাশিৰ জাতকে৷ কোনো সমস্যা আপোনাৰ সন্মুখলৈ আহিলেও উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাৰ সমাধান কৰক৷ কাইলৈ কোনো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ যি সম্পত্তি বহু দিন ধৰি বিক্ৰি কৰি দিয়াৰ চেষ্টা কৰিছিল সেই কামতো কাইলৈ সফল হব৷ প্ৰেম জীৱন ভালেই যাব৷
সিংহ ৰাশি
কাইলৈৰ দিনটো নানান দিশৰ পৰা শুভ হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ গণপতিৰ কৃপাত কাইলৈ সকলো কামতে উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ বন্ধ হৈ যোৱা ব্যৱসায়িক প্ৰকল্প নতুনকৈ আৰম্ভ কৰিব পাৰে৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ বিলাসিতাৰ কোনো সামগ্ৰী ক্ৰয়ো কৰিব পাৰে৷
তুলা ৰাশি
কাইলৈ সকলো দিশৰ পৰা সুখৰ দিন চলিব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱত আয় বাঢ়িব৷ ইয়াৰ ফলত কিছু ধন সঞ্চয় কৰিব পাৰিব৷ যি ব্যৱসায় বহু দিন ধৰি আৰম্ভ কৰাৰ কথা ভাৱিছিল সেয়া আৰম্ভ কৰাৰ বাবে কাইলৈ উপযুক্ত সময়৷ ভায়েক ভনীয়েকৰ মাজত সম্পৰ্ক উন্নীত হব৷ সকলো কামতেই তেওঁলোকক কাষত পাব৷
মকৰ ৰাশি
কাইলৈ গণপতিৰ কৃপা বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ কামত কোনো নতুন পদ্ধতিৰ ব্যৱহাৰ কৰিব পাৰে৷ আপোনাৰ কামৰ খ্যাতি বিয়পি পৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷ বিদেশত বসবাসকাৰী আত্মীয়ৰ পৰা সুখবৰ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















