১৬ অক্টোবৰ ২০২৪ বুধবাৰে চন্দ্ৰই দিনে নিশাই মীন ৰাশিত অৱস্থান কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি আহিন মাহৰ শুক্লা চতুৰ্দশী তিথি। আজি নিশা ৮বাজি ৪০ মিনিটৰ পাছত পূৰ্ণিমা। আজি পালিত হব কোজাগৰী লক্ষ্মী পুজা। এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে। জ্যোতিষ গণনা অনুসৰি আজি ধ্ৰুব যোগ, ৰবি যোগ আৰু শ শ ৰাজযোগৰ প্ৰভাৱ থাকিব। আজি প্ৰথমে আছে উত্তৰ ভাদ্ৰপদ আৰু পাছত ৰেবতী নক্ষত্ৰৰ প্ৰভাৱ। এই সকলো প্ৰভাৱত আজিৰ দিন বিশেষ মাহাত্ম্যপূৰ্ণ। আজি কেইটামান ৰাশিৰ জাতকে প্ৰচুৰ লাভ অৰ্জন কৰিব। জানি থওক আজি ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
ৰবি যোগ আৰু ৰেৱতী নক্ষত্ৰৰ শুভ প্ৰভাৱত আজিৰ দিনটো বিশেষভাৱে শুভ হব মিথুন ৰাশিৰ জাতকৰ। আজি আপুনি কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকেও কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে।
কৰ্কট ৰাশি
আজি ধ্ৰুব যোগৰ শুভ প্ৰভাৱত লাভ অৰ্জন কৰিব কৰ্কট ৰাশিৰ জাতকে। আজি আপোনাৰ মনত প্ৰচুৰ সাহস আৰু আত্মবিশ্বাস থাকিব। ইয়াৰ ফলত সকলো কামতেই সহজে সাফল্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে আৰ্থিক লাভ বাঢ়িব। আজি কৰোবাত বিনিয়োগ কৰিলেও ইয়াৰ ফলত আৰ্থিক লাভ কৰিব। সমাজত সন্মান বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ।
কন্যা ৰাশি
আজি পুজাৰ দিনাই অমৃত সিদ্ধি যোগৰ প্ৰভাৱত লাভৱান হব কন্যা ৰাশিৰ জাতক। আজি সকলো ক্ষেত্ৰতেই সাফল্য লাভ কৰিব পাৰিব আপুনি। সন্তানৰ ভৱিষ্য সংক্ৰান্তীয় কোনো সুখবৰ পাব পাৰে। ইয়াৰোপৰি নতুন ঘৰ বা বাহন ক্ৰয়ৰ সপোনো পূৰণ হব পাৰে।
বৃশ্চিক ৰাশি
আজি মা লক্ষ্মীৰ আশীৰ্বাদ বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত থাকিব। দীৰ্ঘদিনীয়া কোনো কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। কোনো চৰকাৰী অধিকাৰিৰ সহায় লাভ কৰিব পাৰে। বিবাহিত জীৱনত সুখ আৰু প্ৰেম বৰ্তি থাকিব।
কুম্ভ ৰাশি
ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱত আজি ১৬ অক্টোবৰত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ। আজি আপুনি যি কামেই কৰিব তাতেই সফলতা পাব। নিজৰ বুদ্ধি আৰু আত্মবিশ্বাসৰ জোৰত দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব। ইয়াৰ ফলত মনত আনন্দ থাকিব। সিদ্ধিদাতাৰ আশীৰ্বাদত নিজৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ