কাইলৈ ২১ জানুৱাৰী ২০২৬ বুধবাৰে চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘী শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ব্যাতিপত যোগ আৰু বৰিয়ান যোগৰ প্রভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ ২১ জানুৱাৰী ব্যতিপত যোগৰ প্ৰভাৱত গণপতিৰ আশীৰ্বাদত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ পেছাগত জীৱনত কাইলৈ উন্নতি কৰিব পাৰিব আৰু নিজৰ আৰ্থিক অৱস্থা মজবুত কৰিব পাৰিব৷ কাইলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ ব্যৱসায়ৰ পৰা মোটা মুনাফা অৰ্জন কৰিব মিথুন ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত কাইলৈ সকলো কাম আপোনাৰ পছন্দ অনুসৰি হব৷ অফিচত কামৰ পৰিবেশ আপোনাৰ বাবে অনুকূল থাকিব৷ কাইলৈ কামত আৰু বেছি মনোযোগ দিব পাৰে৷ কাইলৈ গণেশৰ কৃপাত সুখ সৌভাগ্য উপচি পৰিব কৰ্কট ৰাশিৰ জীৱনত৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল পাব৷ কাইলৈ আপোনাৰ দাম্পত্য জীৱনত সুখ থাকিব৷
তুলা ৰাশি
কাইলৈ বুধবাৰে নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে তুলা ৰাশিৰ জাতকে৷ এই ব্যৱসায় আপোনাৰ ভৱিষ্যতক সুৰক্ষিত কৰিব৷ কাইলৈ সন্ধিয়া পৰিয়ালৰ সকলোৰে সৈতে মিলি আপোনাক চাৰপ্ৰাইজ পাৰ্টিও দিব পাৰে৷ কাইলৈ বহুদিন পাছত পুৰণি বন্ধুৰ সৈতে দেখা হব পাৰে৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব তুলা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷
বৃশ্চিক ৰাশি
কাইলৈ ৰবি যোগৰ শুভ প্ৰভাৱত ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ শহুৰৰ ঘৰৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ কাইলৈ পাবলগীয়া ধন উভতাই পাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সকলো মিলি সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ কাইলৈ সকলো সমস্যা দূৰ হৈ সংসাৰত সুখ আৰু শান্তিৰ পৰিবেশ উভতি আহিব৷ কাইলৈ বুধবাৰে সম্পত্তি কিনাৰ সুযোগ পাব বৃশ্চিক ৰাশিৰ জাতকে৷
মীন ৰাশি
কাইলৈ দিনটো লাভজনক হব মীন ৰাশিৰ জাতকৰ বাবে৷ সকলোৰে সৈতে আনন্দ কৰি কাইলৈ দিনটো কটাব৷ ব্যৱসায়ৰ দিশৰ পৰা কাইলৈ বুধবাৰ আপোনাৰ বাবে শুভ হব৷ বৰিয়ান যোগৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ থাকিব৷ বছ আৰু সহকৰ্মীসকলৰ পৰা সহায় পাব মীন ৰাশিৰ জাতকে৷ সিদ্ধিদাতাৰ কৃপাত নতুন কামৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















