আজি ২২ জানুৱাৰী ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি মাঘৰ কৃষ্ণা অষ্টমী তিথি৷ আজি বিয়লি ৩ বাজি ১৮ মিনিট পৰ্যন্ত অষ্টমী তিথি থাকিব৷ তাৰপাছতেই মাঘ কৃষ্ণা নৱমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি আজি শূল যোগৰ প্ৰভাৱ থাকিব৷ আজি আছে প্ৰথমে স্বাতী নক্ষত্ৰ আৰু পাছত বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷
হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
আজি চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা খুব ভাল কোনো খবৰ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আপোনাৰ মনত আজি আনন্দ থাকিব৷ বিৰোধীয়ে আপোনাক বিপদত পেলোৱাৰ বাবে নানান ধৰণৰ চক্ৰান্ত কৰিব পাৰে৷ বিৰোধীয়ে এই ষড়যন্ত্ৰত বিফল হ’ব৷ বৰং আপোনাৰ শত্ৰুৱে নিজৰ মাজতেই যুঁজ দিবলৈ আৰম্ভ কৰিব৷
বৃষ ৰাশি
আজি কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আজি সিদ্ধিদাতাৰ আশীৰ্বাদত আত্মবিশ্বাসেৰে তুংগত থাকিব বৃষ ৰাশিৰ জাতক৷ জীৱনসংগীৰ সৈতে কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি সকলো দূৰ হ’ব৷ সংগীৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷
তুলা ৰাশি
সিদ্ধিদাতাৰ আশীৰ্বাদত আজি ২২ জানুৱাৰী সম্পদ বৃদ্ধিৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ৷ আজি আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যা হ’ব পাৰে৷ আজি মোটা আৰ্থিক লাভৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ সন্মুখত৷ নিজৰ স্বাস্থ্যৰ যত্ন লওক৷ নিজৰ সন্তানৰ ভৱিষ্যৎ সংক্ৰান্তিয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷
ধনু ৰাশি
আজি বুধবাৰে শূল যোগৰ শুভ প্ৰভাৱত যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ আজি আপুনি নিজৰ কেৰিয়াৰত উন্নতিৰ শীৰ্ষত উঠিব পাৰে৷ নিজৰ সকলো কাম সম্পূৰ্ণ মনোযোগেৰে কৰিব৷ আত্মবিশ্বাস তুংগত থাকিব৷ যি কামতেই হাত দিয়ে তাতেই সাফল্য লাভ কৰিব ধনু ৰাশিৰ জাতকে৷
মীন ৰাশি
আজি সন্তান সম্পৰ্কিত কোনো বিষয়ত ভাল খবৰ পাব মীন ৰাশিৰ জাতকে৷ ইয়াৰ ফলত আজি আপোনাৰ মনত আনন্দ থাকিব৷ নীতি আৰু আদৰ্শবোধৰ কাৰণে সকলো ধৰণৰ অসাধু কামৰ পৰা দূৰৈত থাকিব আপুনি৷ ফলত প্ৰথমে কিছু সমস্যা হ’লেও শেষত জয়ী হ’ব পাৰিব৷ কৰোবাৰ বিনিয়োগ কৰিলে ভাল লাভ অৰ্জন কৰিব মীন ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















