কাইলৈ ২৩ এপ্ৰিল ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্রভাৱ থাকিব৷ কাইলৈ থাকিব ধনিষ্ঠা নক্ষত্ৰ আৰু শতভিষা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ ২৩ এপ্ৰিল ২০২৫ লাভজনক দিন হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ ব্যৱসায়ত কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ আৰ্থিক দিশৰ পৰাও বৃহৎ সাফল্য লাভ কৰিব পাৰিব৷ ব্যৱসায়তো বৃহৎ আৰ্থিক লাভৰ যোগ আছে৷ নিজৰ ব্যৱসায় আৰু বৃদ্ধি কৰিব পাৰিব৷ কোনো নতুন পৰিকল্পনাৰে আগবাঢ়িবলৈ কালিৰ দিনটো শুভ৷ নতুন চাকৰি লাভৰো যোগ আছে আপোনাৰ৷
মিথুন ৰাশি
কাইলৈ বুধবাৰে সিদ্ধিদাতাৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ সকলো কামতে সৌভাগ্যক আপুনি নিজৰ কাষত পাব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ কামৰ পথৰ সকলো বাধা দূৰ হব৷ সকলো কাম সহজেই সম্পন্ন কৰিব পাৰিব আপুনি৷ বিনিয়োগ কৰাৰ বাবে কাইলৈৰ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ কোনো প্ৰভাৱশালী ব্যক্তিক কাষত পাব আপুনি৷
সিংহ ৰাশি
ব্ৰহ্মা যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ কাইলৈ বেচ আৰামেৰে দিনটো কটাব আপুনি৷ কামৰ সূত্ৰে বিদেশ যাত্ৰা কৰিব পাৰে৷ আপোনাৰ মনত যি চলিছে সেয়া অলপ পৰিচিত ব্যক্তিৰ ওচৰত প্ৰকাশ নকৰাই ভাল৷ ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব পাৰে৷ সমাজত কাইলৈ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব সিংহ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
কাইলৈ লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱত লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ কৰ্মক্ষেত্ৰত বৃহৎ কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ কাইলৈ কৰ্মদক্ষতাৰে আপুনি সকলোৰে মন জয় কৰিব পাৰিব৷ গণেশৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কামতেই সফলতা আহিব৷ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল পাব৷ প্ৰেম জীৱনো ৰোমাণ্টিক হ’ব৷
কুম্ভ ৰাশি
কাইলৈ দিনটো ধনিষ্ঠা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মাজত আত্মবিশ্বাস ভৰপুৰ থাকিব৷ গণেশৰ কৃপাত কাইলৈ আপোনাৰ উপাৰ্জন বহু পৰিমাণে বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে কাইলৈ সমাধান হব৷ কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব পাব পাৰে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব কুম্ভ ৰাশিৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















