৪ জুন বুধবাৰে চন্দ্ৰই কন্যা ৰাশিত গমন কৰিব, যাৰ অধিপতি গ্ৰহ বুধ৷ আজি বুধবাৰ হোৱাৰ বাবে দিনজুৰি বুধৰ প্রভাৱ আছে৷ আজি বুধে বৃষ ৰাশিত উপস্থিত সূৰ্যৰ সৈতে সংযোগ স্থাপন কৰিব৷ যিয়ে বুধাদিত্য যোগৰ এক শুভ মিলন তৈয়াৰ কৰিছে৷ ইয়াৰোপৰি আজি চন্দ্ৰ আৰু বৃহস্পতি এটাই আনটোৰ কেন্দ্ৰত অৱস্থান গ্ৰহণে গজকেশৰী যোগৰ এক চমৎকাৰ মিলন তৈয়াৰ কৰিব৷ আজি উত্তৰফাল্গুনী নক্ষত্ৰত সিদ্ধি যোগ তৈয়াৰ হব যিয়ে আজিৰ গুৰুত্ব আৰু বঢ়াই দিব৷ বৈদিক পঞ্চাঙ্গ অনুসৰি আজি জেঠৰ শুক্লা নৱমী তিথি, যাৰ কাৰণে তিথি অনুসৰি আজি মা দুৰ্গা উদ্দেশ্যে দিনটো উৎসৰ্গা কৰা হয়৷ এই পৰিস্থিতি আজি বুধবাৰে গজকেশৰী যোগ আৰু মা দুৰ্গাৰ কৃপাত মিথুনসহ ৫ ৰাশিৰ জীৱনত সৌভাগ্যৰ বাৰ্তা আহিব৷ জানি থওক আজিৰ দিনটো কোন ৫ ৰাশিৰ বাবে শুভ?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ সুবিধা পাব৷ আজি আপোনাৰ পৰিকল্পনা সফল হব৷ যিসকলে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিছে তেওঁলোকে ঋণ ইত্যাদি লাভৰ সম্ভাৱনা আছে৷ ইয়াৰোপৰি কৰ্মৰত ব্যক্তিয়েও কৰ্মক্ষেত্ৰত প্ৰত্যাশা কৰাতকৈ ভাল ফলাফল পাব৷ বিশেষকৈ আজি আপোনাৰ চিনিয়ৰৰ সৈতে আপোনাৰ সম্পৰ্ক ভালে থাকিব৷ বিৰোধীক পৰাস্ত কৰি আপুনি আগুৱাই যাব৷ আদালতত গোচৰ থাকিলে ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ যদি আপুনি কোনো নিৰ্দিষ্ট কাম সম্পন্ন কৰিবৰ বাবে সংগ্ৰাম কৰি থাকে তেন্তে আজি আপুনি ইয়াত সাফল্য পাব পাৰে৷ আৰ্থিক দিশৰ পৰা আজি ভাল দিন৷ পৰিয়ালত সুখ আৰু শান্তি থাকিব৷ বিবাহিত জীৱন সুখী হব৷
কুম্ভ ৰাশি
কুম্ভৰ জাতক বুধবাৰে বৃহৎ পৰিবৰ্তনৰ সাক্ষী হব৷ আপুনি যদি চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰি আছে তেন্তে আজি আপুনি কোনো সুসংবাদ পাব পাৰে৷ ইয়াৰোপৰি আজি আপোনাৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কিত ডাঙৰ কোনো পৰিবৰ্তন দেখা পাব৷ আপুনি যিমানেই বেছি ইতিবাচক হব সিমানেই আপুনি ভাল ফল পাব৷ আজি প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, বিজ্ঞান ইত্যাদি ক্ষেত্ৰত যুক্ত ব্যক্তিয়ে অতিৰিক্ত সুবিধা পাব পাৰে৷ সম্পৰ্ক মসৃণত আটাইতকৈ ভাল দিশ হৈছে আপুনি আত্মবিশ্বাসেৰে পূৰ্ণ থাকিব৷ সুচিন্তিত কৌশল অনুসৰি লোৱা সিদ্ধান্তই আপোনাক উপকাৰ দিব৷ ইয়াৰোপৰি আজি আপুনি পৰিয়ালৰ পৰা উত্তৰাধিকাৰ সূত্ৰে কিছু মূল্যবাণ সামগ্ৰীও পাব পাৰে৷ যাৰ কাৰণে আপোনাৰ সন্মান, দায়িত্ব আৰু সুখৰ তিনিধৰণৰ অনুভূতি মনত থাকিব৷ বিবাহিত জীৱন ভালে থাকিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ আববে আজিৰ দিনটো শুভ৷ আজি আপোনাৰ আত্মবিশ্বাস উচ্চ থাকিব৷ আপোনাপ সিদ্ধান্ত আৰু কৰ্মতো এয়া প্ৰতিফলিত হব৷ আপুনি মানসিকভাৱে দৃঢ় বোধ কৰিব৷ আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত নহৈ নিজৰ সিদ্ধান্তৰে আগবাঢ়িব পাৰিব৷ আপুনি ডাঙৰ কিছু সিদ্ধান্ত লব পাৰে৷ অৰ্থ উপাৰ্জনৰ সুযোগ পাব পাৰে৷ আজি পৰিয়ালৰ পৰিবেশ অনুকূল থাকিব৷ ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ সাহায্যত আপুনি অৰ্থ উপাৰ্জনৰ সুযোগ পাব পাৰে৷ আজিৰ পৰিয়ালত অনুকূল পৰিবেশ থাকিব৷
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ আপোৱাৰ ব্যয় নিয়ন্ত্ৰণত থাকিব আৰু সঞ্চিত সম্পদ বৃদ্ধি পাব৷ ইয়াৰোপৰি আপুনি বিদেশ সম্পৰ্কিত কামত প্ৰচুৰ সাফল্য পাব পাৰে৷ অৰ্থ উপাৰ্জনৰ ব্যৱস্থা সফল হব আৰু যিসকলে বিদেশত পঢ়াশুনা কৰাৰ চেষ্টা কৰিছে তেওঁলোকে সাফল্য পাব পাৰে৷ আগন্তুক সময়ত বিদেশ ভ্ৰমণ, ভিছা, আদিৰ কামত সফল হব৷ আপোনাৰ মানসিক শান্তি অটুত থাকিব৷ আপুনি যদি আপোনাৰ স্বাস্থ্যক লৈ চিন্তিত থাকে তেন্তে আজি নিশ্চিত থাকক শৰীৰ ঠিকেই আছে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই শুভ৷ আজি আপুনি কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ব্যৱসায় পৰ্যন্ত সকলোতে সাফল্য পাব৷ মা দুৰ্গাৰ আশীৰ্বাদত আপোনাৰ নষ্ট হোৱা কাম সম্পন্ন হব৷ আপোনাৰ মন সুখী থাকিব৷ আজি আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ সকলোৰে সন্মুখত দৃশ্যমান হব৷ আজি আপোনাৰ শক্তি আৰু নমনীয়তা উভয় গুণেই পৰিস্ফুত হব৷ আৰ্থিকভাৱে ভাল দিন কটাব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ