পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ
বিগত বৰ্ষত কলকতা দলক ১০ বছৰৰ পাছত বিজয়ৰ সোৱাদ দিয়া শ্ৰেয়াছে এইবাৰ মাথো ৬ ৰানৰ বাবে খিতাপৰ পৰা বঞ্চিত হয়। পাছে আৰ চি বিৰ হাতত পৰাজিত হ’লেও অনুৰাগীৰ হৃদয় জয় কৰে পাঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছে। লগতে অধিনায়ক হিচাপে নিজৰ আধিপত্য বিস্তাৰ কৰে বহু দৰ্শকৰ হৃদয়ত। যিয়ে এতিয়া সপোন দেখিবলৈ বাধ্য কৰাইছে ভাৰতীয় অনুৰাগীক।
ভাৰতীয় জাতীয় দলৰ ভৱিষ্যতৰ সুদক্ষ অধিনায়ক হোৱাৰ সুযোগ্য শ্ৰেয়াছ। এতিয়া সকলোফালে এয়াই প্ৰকাশ পাইছে, লগতে বহুতেই কবলৈ ধৰিছে শ্ৰেয়াছৰ ওচৰতেই আছে ভৱিষ্যতে ভাৰতীয় দলৰ এগৰাকী সুযোগ্য অধিনায়ক হোৱাৰ সকলো গুণ।
যিয়ে কেৱল আই পি এলতেই নিদৰ দক্ষতা প্ৰকাশ কৰা নাই, ৰঞ্জী ট্ৰফীটো দেখুৱাইছে অধিনায়ক হিচাপে আধিপত্য। যতেই অধিনায়কৰ দায়িত্ব লাভ কৰিছে, তাতেই সফল হৈছে। অৱশ্যে এইবাৰ বিফল হয়, কিন্তু তথাপি শ্ৰেয়াছ যে এগৰাকী সুদক্ষ অধিনায়ক তাৰ প্ৰমাণ দি যায়।
শ্ৰেয়াছৰ অধিনায়ত্বত প্ৰকাশ পায় ধোনী-বিৰাট-ৰোহিতৰ প্ৰতিচ্ছবি। মঙলবাৰে আই পি এলৰ ফাইনেলত বেংগালুৰুৰ হাতত ৬ ৰানত পৰাস্ত হোৱাৰ পাছতো আয়াৰৰ আত্মবিশ্বাস কমি যোৱাৰ কোনো লক্ষণ দেখা হোৱা নাছিল। আয়াৰৰ অধিনায়কত্বত মহেন্দ্ৰ সিং ধোনীৰ বিচক্ষণতাৰ সৈতে সংযম, বিৰাট কোহলীৰ আগ্ৰাসী মনোভাৱৰ মিশ্ৰণ আৰু ৰোহিত শৰ্মাৰ দৰে ‘বিন্দাস’ ভাৱ ফুটি উঠিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ