অসম লাইভ২৪ঃ জ্যোতিষ শাস্ত্ৰৰ দিশেৰে ২০২৩ চনৰ এই শেষ সপ্তাহটো বিশেষভাৱে মাহাত্ম্যপূৰ্ণ। ২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে চাৰিটা গ্ৰহই গোচৰ কৰিব। এই চাৰি গ্ৰহ হৈছে বুধ, শুক্ৰ, মঙ্গল আৰু বৃহস্পতি। ডিচেম্বৰ মাহৰ এই শেষ সপ্তাহত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। ইয়াৰ পূৰ্বে সেই স্থানত অৱস্থান কৰি আছে মঙ্গলে। ইয়াৰ ফলত বৃশ্চিক ৰাশিত শুক্ৰ আৰু মঙ্গলৰ মিলন হ’ব। ইয়াৰোপৰি বছৰৰ শেষ মাহৰ শেষ সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগ আৰু লক্ষ্মী নাৰায়ণ যোগ। এইসমূহ শুভ যোগৰ বাবেই বছৰৰ শেষ সপ্তাহত কোনো কোনো ৰাশিৰ বাবে ভাল খবৰো আহিব। বিশেষকৈ এওঁলোকৰ প্ৰেমত শুভ হ’ব। চলিত সপ্তাহত প্ৰেমত কোন কোন ৰাশিৰ বাবে শুভ বাৰ্তা আহিব?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে বছৰৰ শেষ সপ্তাহটোত প্ৰেম ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকিব। সম্পৰ্কৰ মাজত মধুৰতা বৰ্তি থাকিব। ইয়াৰোপৰি কৰোবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা থাকিলে সফল হ’ব। বছৰৰ শেষৰ দিনকেইটাত প্ৰেমিকৰ সৈতে পৰস্পৰে পৰস্পৰৰ সৈতে মগ্ন হৈ থাকিব। নতুন বছৰতো এজনে আনজনৰ হাতত ধৰিয়েই আৰম্ভ কৰিব নতুন বছৰ।
কৰ্কট ৰাশি
ডিচেম্বৰ মাহৰ শেষ সপ্তাহটো ভালধৰণে কটাব কৰ্কট ৰাশিৰ জাতকে। বছৰৰ শেষ সময়খিনিত প্ৰেমত মধুৰতা থাকিব। সংগীৰ সৈতে সুন্দৰ কোনো স্থানত ফুৰিবলৈ যাব পাৰে। সকলো কাম বাদ দি বছৰৰ শেষৰ দিনকেইটা সংগীৰ সৈতে ফুৰিবলৈকো যাব পাৰে।
সিংহ ৰাশি
সংগীৰ প্ৰতি ভালপোৱা আৰু সন্মানবোধে বছৰৰ শেষ সপ্তাহটো শক্তিশালী হ’ব সিংহ ৰাশিৰ জাতকৰ। এই সময়ত এনে কিছু ঘটনা ঘটিব যিয়ে আপোনাৰ মনোভাৱেই সলনি কৰি পেলাব। এই সময়ত আপোনাৰ জীৱনত প্ৰচুৰ ৰোমান্স থাকিব। নিজৰ মাজত যাৱতীয় ভুল বুজাবুজি আঁতৰ হ’ব।
তুলা ৰাশি
বছৰৰ শেষ সপ্তাহত হঠাৎ ভাল খবৰ আহিব তুলা ৰাশিৰ জাতকৰ জীৱনলৈ। এই সময়ত আপুনি সম্পূৰ্ণ পাৰ্টী মুডত থাকিব। বছৰৰ শেষ সপ্তাহটোত নতুন বন্ধুও গঢ়িব পাৰে। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব।
মকৰ ৰাশি
২৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে এই সপ্তাহটো প্ৰেমৰ বাবে শুভ হ’ব। ভালপোৱাৰ সৈতে সুখ সমৃদ্ধিও থাকিব। সংগীৰ পৰাও প্ৰচুৰ মনোযোগ লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ