আগন্তুক সোমবাৰ ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৪ চনৰ শেষ আৰু ২০২৫ চনৰ প্ৰথম সপ্তাহ৷ এই সপ্তাহৰ প্ৰথম ভাগতেই মকৰ ৰাশিত অৱস্থান কৰিব চন্দ্রই৷ ইয়াৰোপৰি চন্দ্ৰৰ ওপৰত থাকিব মঙ্গলৰ সপ্তম দৃষ্টি৷ ইয়াৰ প্ৰভাৱত গঠিত হ’ব ধন যোগ৷ বৈদিক জ্যোতিষ অনুসৰি ধন যোগৰ প্ৰভাৱত জাতকৰ জীৱনত সকলো ধৰণৰ সুখ সমৃদ্ধি আহিব৷ ৩০ ডিচেম্বৰ ২০২৪ৰ পৰা ৫জানুৱাৰী ২০২৫ পৰ্যন্ত আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱত সুখ, সম্পদ, সম্পত্তি আৰু প্ৰতিপত্তি লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক নতুন বছৰৰ আৰম্ভণিতেই কাৰ কাৰ ভাগ্য খুলিব?
বৃষ ৰাশি
বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থানে জনাইছে যে নতুন সপ্তাহত নিজৰ পৰিকল্পনামতে সকলো কাম কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ কোনো কামক লৈ মনত সংশয় থাকিলে আগন্তুক সপ্তাহত সেই কামত ভাল ফলেই পাব৷ ব্যৱসায়, কনছালটেন্সি আৰু চুক্তিভিত্তিক কামত লাভ বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ