অসম লাইভ ২৪ঃ পশ্চিমবংগৰ ভোটগ্ৰহণ কেন্দ্ৰৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত শেহতীয়াকৈ স্পষ্টীকৰণ দিয়ে নিৰ্বাচন আয়োগে। নিৰাপত্তাৰক্ষীয়ে নিজৰ জীৱন ৰক্ষাৰ লগতে evmৰ সুৰক্ষাৰ স্বাৰ্থত গুলীচালনা কৰা বুলি উল্লেখ কৰে নিৰ্বাচন আয়োগে। শনিবাৰে পশ্চিমবংগৰ কোচবিহাৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ চলি থকা অৱস্থাত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে গুলীচালনাৰ ঘটনা সংঘটিত কৰে। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৪ গৰাকী ভোটাৰ। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলজুৰি। সমগ্ৰ ঘটনাটোক ভোটাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ ভুল বুজা-বুজি বুলি উল্লেখ কৰে নিৰ্বাচন আয়োগে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘটনাটোক ‘পৰিকল্পিত আক্ৰমণ’ বুলি উল্লেখ কৰাৰ লগতে হত্যাকাণ্ডৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















