অসম লাইভ২৪ঃ কৰ্কট বুলিলেই মৃত্যুদূত বুলি আমাৰ বহুতৰে মনত ধাৰণা৷ বিশেষকৈ লিভাৰ কৰ্কট হ’লে সমস্যা গুৰুতৰেই৷ কিন্তু এই ৰোগ প্ৰাথমিক অৱস্থাত ধৰা পৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা থাকে৷ লিভাৰৰ কৰ্কটত কৰ্কটৰ কোষ লিভাৰতেই উৎপন্ন হয়৷ লাহে লাহে কোষ বাঢ়ি গৈ সমগ্ৰ লিভাৰতেই বিয়পি পৰে৷ আমাৰ প্ৰায়সংখ্যক লোকেই যিকোনো ৰোগকেই প্ৰাথমিক অৱস্থাত উপেক্ষা কৰে৷ সেয়ে জটিলতা দিনকদিনে বাঢ়ি গৈ থাকে৷ শৰীৰ ভালে নাথাকিলে কোনবোৰ লক্ষণলৈ নজৰ দিব?
যিকোনো কৰ্কটতেই প্ৰাথমিক কেইটাান লক্ষণে দেখা দিয়ে৷ তাৰ ভিতৰত প্ৰথমেই আছে-
কাৰণ নোহোৱাকৈয়ে দ্ৰুতগতিত শৰীৰৰ ওজন কমা
ভোক নলগা
পেটৰ ওপৰৰ অংশত বিষ
বমি বমি ভাৱেই নহয়, মাজে মাজে বমি হোৱা
ক্লান্ত অনুভৱ
পেট ফুলা
দেহত হালধীয়া বৰণ ধৰা
চকু হালধীয়া দেখা
এইসমূহ লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ