তেজত ছডিয়াম বেছি থকাটো যেনেকৈ ঠিক নহয় তেনেকৈ কোনো কাৰণত তেজত ছডিয়ামৰ মাত্ৰা অস্বাভাৱিকভাৱে কমি যোৱাটোও স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ এই সমস্যাক কোৱা হয় হাইপোনোট্ৰিমিয়া৷ শৰীৰত ছডিয়ামৰ মাত্ৰা অতিৰিক্ত কমি গলে মানুহৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷ দেহকোষৰ বাহিৰত থাকে ছডিয়াম৷ সেয়ে শৰীৰত ছডিয়ামৰ ঘাটি হ’লে কোষসমূহ ফুলি যায় তেতিয়াই বিপত্তি আৰম্ভ হয়৷
তেজত কিয় কমে ছডিয়ামৰ মাত্ৰা?
১. ছডিয়াম থাকে দেহকোষৰ বাহিৰত অৰ্থাৎ প্লাজমাৰ মাজত৷ প্লাজমা বাঢ়ি গ’লে ছডিয়ামৰ মাত্ৰা কমি যায়৷ হাৰ্ট ফেইলাৰ, কিডনি ফেইলাৰ আৰু লিভাৰ ফেইলাৰৰ সময়ত শৰীৰত প্লাজমাৰ মাত্ৰা বাঢ়ি যাব পাৰে৷ এই সময়ত শৰীৰত পানীৰ মাত্ৰা বাঢ়ি গৈ শৰীৰ ফুলিও যায়৷
২. ডায়েৰিয়া হ’লে শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷ কোনো কাৰণত দিনে একাধিকবাৰ বমি হলেও শৰীৰত ছডিয়াম কমি যাব পাৰে৷ ইয়াৰোপৰি উচ্চ ৰক্তচাপৰ ঔষধ খালেও শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যাব পাৰে৷
কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?
শৰীৰত ছডিয়াম কমাৰ মাত্ৰাক দুভাগত ভাগ কৰিব পাৰে৷ একিউড আৰু ক্ৰনিক৷ একিউটৰ ক্ষেত্ৰত দুই তিনিদিনৰ মূৰত শৰীৰত ছডিয়ামৰ মাত্ৰা বহু কমি যায়৷ আৰু ক্ৰনিকৰ ক্ষেত্ৰত প্ৰায় ছমাহ ধৰি ৰোগীৰ শৰীৰত ছডিয়ামৰ মাত্ৰা অলপ অলপকৈ কমি থাকে৷
একিউটৰ সময়ত চলাফিৰাকালীন অৱস্থাত মূৰ ঘূৰাৰ পাৰে৷ শৰীৰত ক্লান্তি আহে৷ ইয়াৰোপৰি ৰোগীৰ ভাৱনাচিন্তাই বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ ছডিয়ামৰ মাত্ৰা বহু কমি গলে শৰীৰ ক্লান্ত, মূৰ ঘূৰোৱা, ৰক্তচাপ কমি যোৱা আদি উপসৰ্গই দেখা দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















