শেহতীয়াকৈ ছাৰ’গেচিৰ জৰিয়তে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই৷ এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাচ৷ কেৱল প্ৰিয়ংকা চোপ্ৰাই নহয় ছাৰ’গেচিৰ জৰিয়তে বহু চেলিব্ৰেটীয়ে সন্তান জন্ম দিছে৷ অন্য দেশৰসমূহৰ দৰে বৰ্তমান ভাৰততো জনপ্ৰিয় হৈছে ছাৰ’গেচি মাতৃত্ব৷ প্ৰকৃততে কি হয় এই ছাৰ’গেচি পদ্ধতি? ছাৰ’গেট সন্তানৰ জৈৱিক পিতৃ-মাতৃ কোন? ছাৰ’গেচি সন্দৰ্ভত ভাৰততো আছে বহু নিয়ম৷
গৰ্ভধাৰণৰ এক বিকল্প ছাৰ’গেচি৷ যিসকল মহিলাৰ প্ৰজনন সন্দৰ্ভত সমস্যা আছে, গৰ্ভপাত বা শাৰিৰীত অসুবিধাৰ বাবে গৰ্ভধাৰণ কৰিব নোৱাৰে সেইসকল মহিলাৰ বাবে সন্তান জন্ম দিয়াৰ এটি উৎকৃষ্ট বিকল্প হৈছে ছাৰ’গেচি৷ ছাৰ’গেচিৰ সাধাৰণ অৰ্থ হৈছে ভাৰাত লোৱা গৰ্ভ৷ অৰ্থাৎ সন্তান জন্ম দিবৰ বাবে কোনো দম্পতীয়ে অন্য মহিলাৰ গৰ্ভ ভাৰালৈ লোৱা৷ ছাৰ’গেচিৰ দুটা প্ৰকাৰ আছে- পৰম্পৰাগত ছাৰ’গেচি আৰু ন্যায়সংগত ছাৰ’গেচি (Traditional and Gestational)৷
পৰম্পৰাগত পদ্ধতিত পুৰুষৰ স্পাৰ্ম মহিলাৰগৰাকীৰ ডিম্বাণুৰ সৈতে মিলাই চিকিৎসা বিজ্ঞানৰ পদ্ধতিৰ সহায়ত তেখেতৰ গৰ্ভত ধাৰণ কৰোৱায়৷ এনেদৰেই নিজৰ গৰ্ভত পালন কৰি সন্তানটিক জন্ম দিয়ে মহিলাগৰাকীয়ে৷ এই পদ্ধতিত সন্তানটিৰ জৈৱিক মাতৃ হয় ভাৰাত লোৱা মাতৃগৰাকী৷
ইফালে ন্যায়সংগত ছাৰ’গেচি পদ্ধতিত ভাৰাত লোৱা মাতৃগৰাকী সন্তানটিৰ জৈৱিক মাতৃ নহয়৷ কিয়নো গৰ্ভধাৰণৰ সময়ত সেই মহিলাগৰাকীৰ ডিম্বাণু ব্যৱহাৰ কৰা নহয় এই পদ্ধতিত৷ এই পদ্ধতিত ডনাৰ পিতৃ-মাতৃৰ স্পাৰ্ম আৰু ডিম্বাণু লৈ টেষ্টটিউব কৰি ছাৰ’গেট মাতৃগৰাকীৰ গৰ্ভত ট্ৰান্সপ্লাণ্ট কৰা হয়৷
তদুপৰি উন্নত দেশসমূহত বাণিজ্যিক ছাৰ’গেচি পদ্ধতিৰ ব্যৱস্থা আছে যদিও ভাৰতত এই পদ্ধতি বৈধ নহয়৷ ছাৰ’গেচিৰ ক্ষেত্ৰত ভাৰতত কি কি নিয়ম মানি চলা হয়?
ছাৰ’গেট মাতৃগৰাকীৰ ক্ষেত্ৰত তেওঁ বিবাহিত হোৱাৰ লগতে নিজৰ সন্তান থকাটো বাধ্যতামূলত ভাৰতত৷ মহিলাগৰাকীৰ বয়স ২৫- ৩৫ ৰ ভিতৰত হ’ব লাগিব৷ ছাৰ’গেচি কৰিব বিচৰা দম্পতীৰ পৰিয়ালৰ সদস্য হ’ব লাগিব মহিলাগৰাকী৷ ভাৰতৰ ছাৰ’গেচি ৰেগুলেচন আইন অনুসৰি, এগৰাকী মহিলাই কেৱল এবাৰহে ছাৰ’গেচি পদ্ধতি গ্ৰহণ কৰিব পাৰিব৷ পূৰ্বে এই নিয়ম সৰ্বাধিক ৩ বাৰ গ্ৰহণযোগ্য আছিল ভাৰতত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ