অসম লাইভ ২৪ঃ অধিকাংশ পুৰুষৰেই ধাৰণা, পিতৃ হোৱাৰ বাবে পুৰুষৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে। মহিলাৰ বাবেহে বয়সৰ সীমা থাকে। কিন্তু এই কথা সত্যনে? চিকিৎসা বিজ্ঞানৰ এক গৱেষণাত এই ধাৰণা মিছা বুলি প্ৰমাণিত হৈছে। পুৰুষৰ ক্ষেত্ৰতো বয়সৰ নিৰ্দিষ্ট সীমা থাকে। মহিলাৰ ক্ষেত্ৰত ডিম্বানু উৎপাদনৰ নিৰ্দিষ্ট সীমা থাকে কিন্তু পুৰুষৰ শুক্ৰাণু উৎপাদনৰ ক্ষেত্ৰত নিৰ্দিষ্ট বয়সৰ কথা নাথাকে যদিও সকলো বয়সতে শুক্ৰাণু কাৰ্যক্ষম নহয় বুলি গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে বিজ্ঞানীৰ দলটোৱে।
গৱেষণাত পোৱা তথ্যমতে, পুৰুষৰ ক্ষেত্ৰত ২৫-ৰ পৰা ৩৫-বছৰ বয়সলৈ পিতৃ হোৱাৰ উত্তম সময়। ৫০-ৰ উৰ্ধৰ ব্যক্তিৰো সন্তান জন্ম দিয়াৰ ক্ষমতা থাকে যদিও শুক্ৰাণুৰ আটাইতকৈ কাৰ্যক্ষম সময় ২৫-ৰ পৰা ৩৫ বছৰ। হলীউড তাৰকা ৰবাৰ্ট ডি নিবোৰ পৰা এলন মাস্কৰ পিতৃ এৰল মাস্কলৈ বহুসংখ্যকেই ৬০ বচৰৰ পিছতো পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে। তাৰ মাজতো সকলো পুৰুষৰ ক্ষেত্ৰতেই এয়া প্ৰযোজ্য হ’ব এনে নহয়। পুৰুষৰ শৰীৰত শুক্ৰাণু উৎপাদন প্ৰক্ৰিয়া বন্ধ নহয়। পুৰুষৰ বাবে মহিলাৰ দৰে কোনো বায়লজিকেল ক্লকো নাই। শুক্ৰাণু উৎপাদন হ’লেও শুক্ৰাণুৰ মাজতো জিনীয় সালসলনি ঘটে। ফলত শুক্ৰাণুৰ ডিএনএ ক্ষতিগ্ৰস্থ হোৱাৰ আশংকা থাকে।
বয়সীয়া ব্যক্তিৰ সন্তানৰ ক্ষেত্ৰত কিছুমান বিয়োগাত্মক প্ৰভাৱ থাকে বুলি বিজ্ঞানীৰ দলটোৱে উল্লেখ কৰিছে। বিশেষকলৈ পিতৃ বয়সীয়া হ’লে শিশুটিৰ স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা থাকে। হাৰ্ভাৰ্ড মেডিকেল কলেজ আৰু ইজৰাইলৰ ডিক’নেছ মেডিকেল চেন্টাৰৰ যুঁটিয়া গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি এজন ৩০ বছৰীয়া বা ৩০ৰ আশে পাশে থকা বয়সৰ ব্যক্তিৰ IVF-পদ্ধতি সফল হোৱাৰ সম্ভাৱনা ৭৩ শতাংশ। কিন্তু ৪০-ৰ উৰ্ধৰ এজন ব্যক্তিৰ ক্ষেত্ৰত এই সম্ভাৱনা আধাতকৈও কম।
উল্লেখ্য যে, সকলোৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ’লেও বেছিভাগ পুৰুষৰ ক্ষেত্ৰতেই এই কথা প্ৰযোজ্য। বয়সৰ সৈতে জীৱনপ্ৰণালীৰ সাল-সলনি ঘটে। পুৰুষ একোজনৰ কাৰ্যক্ষম শুক্ৰাণু উৎপাদন ক্ষমতাও কমি যায়। বিভিন্ন কাৰণত যেনে ধূমপান, মদ্যপান, অতিৰিক্ত মানসিক চাপ, বিভিন্ন ঔষধ সেৱন আদি কাৰণত পুৰুষৰ সন্তান জন্ম দিব পৰা কাৰ্যক্ষম শুক্ৰাণু শৰীৰত কমি আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ