অসম লাইভ ২৪ঃ ঘনাই পানী খোৱাৰ অভ্যাসে বহু ৰোগৰ পৰা আমাক হাত সাৰি থকাত সহায় কৰে। দিনটোত ঘনাই পানী খাই থকাৰ পিছতো পিয়াহ লাগিয়েই থাকে তেন্তে সেই লক্ষণ স্বাভাৱিক নহয়। চিকিৎসকৰ মতে এনেদৰে পিয়াহ লাগি থকাটো শৰীৰত অন্য ৰোগে আক্ৰমণ কৰাৰেই লক্ষণ।
চিকিৎসকে প্ৰকাশ কৰা অনুসৰি ঘনাই পিয়াহ লগাৰ সমস্যাই দেখা দিলে পোনতেই ডায়াবেটিছৰ পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। কাৰণ তেজত শৰ্কৰাৰ পৰিমান বাঢ়িলেই এনে সমস্যাসমূহে দেখা দিয়ে। ডায়াবেটিছ থাকিলে বাৰে বাৰে ডিঙি শুকাই। প্ৰায়সংখ্যক ডায়াবেটিছ ৰোগীৰেই আৰম্ভণিতে এই লক্ষণে দেখা দিয়ে। ঘনাই পিয়াহ লগাৰ আন এটা কাৰণ হৈছে অন্ত্ৰত হোৱা কৰ্কট। কৰ্কটৰ আৰম্ভণিতে অত্যাধিক ভাগৰ, শৰীৰৰ ওজন অস্বাভাৱিক হাৰত কমি যোৱা, পানী খালেও পিয়াহ দূৰ নোহোৱা আদি অন্ত্ৰৰ কৰ্কটৰ প্ৰধান লক্ষণ।
উল্লেখ্য যে তেজত হিমগ্লবিনৰ পৰিমান কমি গলেও এনেধৰণৰ উপসৰ্গই দেখা দিয়ে। এমিনিয়াত ভোগা ৰোগীৰো অত্যাধিক পিয়াহ লগা লক্ষণটো পোনতে পৰিস্ফুত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ