দেশজুৰি সন্ত্ৰাস সৃষ্টি কৰা GBSৰ প্ৰতিকাৰ আছেনে ! এই ৰোগৰ কাৰণ কি ?
সমগ্ৰ দেশতে বৃদ্ধি পাইছে গুইলেইন-বেৰে চিণ্ড্ৰম(GBS) প্ৰাদুৰ্ভাৱ। এই পৰ্যন্ত ৪ খন ৰাজ্যত এই ৰোগত আক্ৰান্ত হৈ ১০ জন লোকৰ মৃত্যু হৈছে। সৰ্বাধিক সংখ্যক লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত য’ত ৫ জন লোকৰ মৃত্যু হৈছে। পশ্চিম বংগত ৩ জন, ৰাজস্থান আৰু লগতে অসম তথা গুৱাহাটীত ১ জনকৈ লোকৰ মৃত্যু হৈছে।
গুৱাহাটীত মৃত্যু GBSত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী। মৃত্যু হোৱা ১৭ বছৰীয়া কিশোৰীগৰাকীৰ নাম আফিয়া জিনাত। মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত ২১ জানুৱাৰীৰ পৰা চিকিত্সাধীন হৈ আছিল কিশোৰীগৰাকী।
শুকুৰবাৰ ৩১ জানুৱাৰীৰ নিশা GBSত আক্ৰান্ত হৈ মৃত্যু ১৭ বছৰীয়া আফিয়াৰ। মৃত কিশোৰীগৰাকীৰ ঘৰ মহানগৰীৰ পাথৰকুঁৱেৰীত
পাছে কি এই গুইলেইন-বেৰে চিণ্ড্ৰম, কেনেকৈ বিয়পে, কিদৰে ইয়াৰ পৰা ৰক্ষা পাব পাৰি, কি ইয়াৰ প্ৰতিকাৰক-
প্ৰদূষিত পানীয়েই এই চিনড্ৰম বিয়পি পৰাৰ মুখ্য কাৰণ বুলি বিশ্বাস কৰা হৈছে। যদিও ইয়াৰ চিকিৎসা সম্ভৱ, তথাপিও ইয়াৰ ব্যয় যথেষ্ট। ইয়াৰ এটা বেজীত প্ৰায় ২০ হাজাৰ টকা খৰচ হয়।
বৰ্তমানেও এই ৰোগত আক্ৰান্ত হৈ বহু লোক হাস্পতালত ভৰ্তি হৈ আছে। কেৱল মহাৰাষ্ট্ৰৰ পুনেৰ সাছুন হাস্পতালত ভৰ্তি হৈছে ১৫০ জন লোক।
খবৰ অনুসৰি জি বি চিণ্ড্ৰমৰ চিকিৎসা সম্ভৱ যদিও যথেষ্ট ব্যয়বহুল। ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগীক ইমিউন’গ্ল’বিউলিন (IVIG) বেজী দিয়া হয়। ব্যক্তিগত চিকিৎসালয়ত এই এটা বেজীৰ খৰচ ২০ হাজাৰ টকা।
অৱশ্যে ৰোগীক আৰোগ্য কৰিবলৈ কিমান বেজীৰ প্ৰয়োজন হ’ব সেয়া নিৰ্ভৰ কৰিব আৰোগ্যৰ গতিৰ ওপৰত। চিনড্ৰমত আক্ৰান্ত ৮০% ৰোগীয়ে চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত ৬ মাহলৈকে কোনো ধৰণৰ সহায় অবিহনে খোজ কাঢ়িব নোৱাৰে। বহু ক্ষেত্ৰত ৰোগীৰ সুস্থ হ’বলৈ এবছৰ বা তাতোকৈ অধিক সময় লাগিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ