মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছাই বলীউডত খোজ দিব, পাছে হিৰো কোন চিনি পাইয়ে !
মোহনীয় তথা অতিকে আকৰ্ষণীয় চকুৰে মহাকুম্ভত মালা বিক্ৰী কৰিবলৈ অহাৰ পিছত ভাইৰেল হৈ পৰিছিল মনালিছা। এটা ভিডিঅ’ৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে জীৱন সলনি হৈ পৰিছিল মনালিছাৰ।
সেই মনালিছাই এতিয়া বলীউডত সুযোগ পালে। পাছে মহাকুম্ভৰ পৰা বলীউডলৈ এই যাত্ৰাত ‘মণিপুৰৰ ডায়েৰী’ত মনালিছাৰ হিৰো হ’ব কোন? বলীউডৰ প্ৰথম ছবিখনত নায়ক হিচাপে কাক পাইছে মনালিছাই? জানিব পৰা মতে, মনালিছাৰ প্ৰথমখন ছবিৰ নায়ক হ’ব অমিত ৰাও।
অভিনেতা ৰাজকুমাৰ ৰাওৰ ভাতৃ অমিত। ‘মণিপুৰৰ ডায়েৰী’ শীৰ্ষক এই ছবিখন পৰিচালনা কৰিব সনোজ মিশ্ৰই। সূত্ৰৰ পৰা জানিব পৰা মতে, চলিত ফেব্ৰুৱাৰী মাহৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।
ৰাজকুমাৰ ৰাও বলীউডৰ এজন প্ৰতিষ্ঠিত অভিনেতা। অৱশ্যে বৰ্তমানলৈ অমিত সেইদৰে লাইমলাইটলৈ অহা নাই। বহুতে তেওঁৰ বলীউড অভিষেক চাবলৈ আগ্ৰহী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ