এজন ভাল মানুহ তেওঁৰ বিশিষ্ট তথা ভাল গুণ দ্বাৰা পৰিচিত। কিছুমান ভাল অভ্যাস মানুহক আন মানুহৰ পৰা বেলেগ কৰি তোলে। যাৰ দ্বাৰা তেনে মানুহে সকলোৰে হৃদয়ক স্পৰ্শ কৰে। যিসকল পুৰুষৰ ভাল গুণ আৰু অভ্যাস আছে, তেওঁলোকে নিজৰ ঘৰ, চুবুৰী, অফিচত সকলোতে নিজৰ ব্যক্তিত্ব বিয়পাই তোলে।
কেৱল এয়াই নহয়, এই অভ্যাসবোৰৰ বাবেই নাৰীও সোনকালে তেনে লোকৰ প্ৰতি আকৰ্ষিত হৈ পৰে। কেনেকৈ পুৰুষে সকলোৰে হৃদয়ত শাসন কৰিব পাৰে!
নাৰীয়ে পুৰুষৰ কি কি গুণ ভাল পায়—
লগতে পঢ়ক ধুনীয়া হ’বলৈ অভিনেত্ৰীৰ মুখৰ অস্ত্ৰোপচাৰ! বিকৃত হৈ এতিয়া ঘৰৰ পৰা উলাব নোৱাৰাৰ অৱস্থা
নাৰীৰ প্ৰতি সন্মান
এইটো সাধাৰণ কথা যে সকলোৱে ইজনে সিজনক সন্মান দিব লাগে। আনহাতে নাৰীৰ কথা আহিলে সদায় এটা কথা মনত ৰখা উচিত যে নাৰীয়ে কেৱল সেই পুৰুষকহে ভাল পায় যিয়ে নাৰীক সন্মান কৰে। এনে অৱস্থাত যদি এজন পুৰুষৰ এই অভ্যাস থাকে, তেন্তে তেনে পুৰুষ-মহিলাৰ প্ৰথম পছন্দ হ’ব পাৰে।
কিবা এটা কৰাৰ আগতে চিন্তা কৰা
ভাল মানুহে কিবা এটা কৰাৰ আগতে চিন্তা কৰি লয়। চিন্তা নকৰাকৈ যিকোনো সিদ্ধান্ত লোৱাটোৱে মানুহক বিপদত পেলাব পাৰে৷ গতিকে পুৰুষে কোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰা উচিত। সকলো কথা বা সিদ্ধান্ত চিন্তা কৰি লোৱা পুৰুষক নাৰীৰ লগতে সকলোৱে ভাল পায়।
লগতে পঢ়ক প্ৰতিবাদৰ মাজতে অগ্নীবীৰৰ নিযুক্তি, সুবিধা আৰু কিমান দৰমহা লাভ কৰিব?
আপোনজনৰ কাষত সদায় উপস্থিত হোৱা
পুৰুষসকল সদায় নিজৰ সংগী, বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ বাবে সকলো সময়তে উপলব্ধ হ’ব লাগে। এনে অৱস্থাত আপোনজনৰ কাষত সদায় উপস্থিত থকা পুৰুষসকলক সকলোৱে ভাল পায় আৰু এনে পুৰুষে সকলোৰে হৃদয়ক স্পৰ্শ কৰিবলৈ সক্ষম হয়।
সৎ হোৱা
এজন ভাল মানুহ সততাৰ বাবেও পৰিচিত। যদি তেওঁ কেৱল অফিচতে নহয় ব্যক্তিগত জীৱনতো সততা বজাই ৰাখে, তেন্তে তেওঁক পুৰুষ-মহিলাই উভয়ে ভাল পায়। সেয়ে পুৰুষসকলে সকলোৰে প্ৰতি সৎ হোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ